Breaking News

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত ধঁপাত বিৰোধী সজাগতা সভা

 


ডিজিটেল সংবাদ,গোলাঘাটঃ ধঁপাত ব্যৱহাৰৰ অপকাৰিতা তথা ইয়াৰ নিয়ন্ত্ৰণ সন্দৰ্ভত এখনি সজাগতা সভা অলপতে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়৷ গোলাঘাট জিলা ধঁপাত আৰু যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ উদ্যোগত তথা গোলাঘাট বাণিজ্য মহাবিদ্যালয় আৰু বিষ্ণুজ্যোতি সামাজিক-সাংস্কৃতিক সংগঠনৰ সহযোগত অনুষ্ঠিত উক্ত সজাগতা সভাখনত ডাঃ সুনীতা এক্কা সমল ব্যক্তিৰূপে উপস্থিত থাকে ৷ 

গোলাঘাট জিলা ধঁপাত আৰু যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ সুনীতা এক্কাই ধঁপাত ব্যৱহাৰে স্বাস্থ্যত পেলোৱা কু-প্ৰভাৱ সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱাৰ লগতে ধঁপাতৰ ব্যৱহাৰ যক্ষ্মাৰোগৰ লগতে কেঞ্চাৰৰো অন্যতম কাৰক বুলি কয়৷ সমলব্যক্তিগৰাকীয়ে বৰ্তমান যুৱপ্ৰজন্মৰ মাজত ধঁপাতৰ ব্যৱহাৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাত উদ্বিগ্নতা প্ৰকাশ কৰে৷ 

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল শৰ্মাই এখন ধঁপাতমুক্ত সুস্থ সমাজ গঢ় দিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট কৰণীয় আছে বুলি কোৱাৰ লগতে সকলোকে নিজ নিজ অঞ্চলত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ  আহ্বান কৰে৷ সভাখনত মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিষ্ণুজ্যোতি সামাজিক-সাংস্কৃতিক সংগঠনৰ সভাপতি ৰূপা শইকীয়া, সম্পাদক ৰশ্মিতা শইকীয়া আৰু অন্যান্য কৰ্মকৰ্তাসকল উপস্থিত থাকে৷ সভাখনৰ আঁত ধৰে ৰাজু আহমেদে৷

No comments