Breaking News

ভগৱান শ্ৰী সত্য সাই বাবাৰ ৯৬ সংখ্যক জন্মজয়ন্তী পালন


ডিজিটেল সংবাদ,গোলাঘাটঃ শ্ৰী সত্য সাই সেৱা সমিতি গোলাঘাটৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে ভগৱান শ্ৰী সত্য সাই বাবাৰ ৯৬ সংখ্যক জন্মদিন পালন কৰা হয়। সম্প্ৰতি ক'ৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ ক'ভিড প্ৰটকলৰ মাজেৰে গোলাঘাটৰ সত্য সাই বাল বিকাশ কেন্দ্ৰত ভগৱান সত্য সাইৰ জন্মজয়ন্তী পালন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু প্ৰশান্তি পতাকা উত্তোলন কৰে শ্ৰী সত্য সাই সেৱা সংস্থা শিৱসাগৰৰ প্ৰাক্তন জিলা সভাপতি যতীন দত্তই। ইয়াৰ পিছতে গোলাঘাটৰ শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ লগতে সত্য সাই সেৱা সমিতি গোলাঘাটৰ সদস্য সকলৰ দ্বাৰা অষ্টোত্তৰ শত নাম পাঠ কৰা হয়। 

আজিৰ কাৰ্যসূচীতে সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ সঞ্চালক তথা শ্ৰী সত্য সাই সেৱা সংস্থাৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত অপূৰ্ব কুমাৰ বৰগোঁহাইৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয়।  প্ৰতিমূৰ্ত্তি উন্মোচন কৰে সত্য সাই সেৱা সংস্থা ( মণ্ডল ১) ৰ উপাধ্যক্ষ ৰাজীৱ বৰগোঁহাইয়ে। উক্ত কাৰ্যসূচীত প্ৰয়াত অপূৰ্ব কুমাৰ বৰগোঁহাইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু তেখেতৰ কৰ্মৰাজি তথা অৱদানক সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে। প্ৰয়াত অপূৰ্ব কুমাৰ বৰগোঁহাইৰ প্ৰতিমূৰ্ত্তি সাজি উলিয়াইছে গোলাঘাটৰ সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষক ঋষিকেশ বৰা আৰু তেওঁৰ দুই সহযোগী পংকজ শইকীয়া আৰু প্ৰসন্ন বৰাই।


ইয়াৰ পিছতে ননাৰায়ণ সেৱা কাৰ্যসূচীৰ অধীনত অভাৱগ্ৰস্ত লোকৰ মাজত খাদ্য সামগ্ৰী আৰু কম্বল বিতৰণ কৰা হয়। লগতে জিলা বন বিভাগৰ দ্বাৰা গছপুলি আগবঢ়োৱা হয়। সত্য সাই বাবাৰ ৯৬ সংখ্যক জন্মদিন উপলক্ষে ৯৬ গছি বন্তি প্ৰজ্বলন কৰা হয়। আজিৰ কাৰ্যসূচীত সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডাঃ গিৰিধৰ ফুকন,  বিদ্যালয়ৰ অধ্যক্ষ শুভাশীষ ৰাজখোৱা,  উপাধ্যক্ষ সুব্ৰত কৰ,  প্ৰদ্যুম্ন বৰগোঁহাইৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে গোলাঘাটৰ হলী চাইল্ড স্কুল আৰু বালিজানস্থিত বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষক সকলো উপস্থিত থাকে।  জন্মজয়ন্তী পালন কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাত আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে শ্ৰী সত্য সাই সেৱা সমিতি গোলাঘাটৰ সভাপতি বিপুল ৰাজকুমাৰ আৰু আহ্বায়ক চন্দ্ৰকান্ত বৰুৱাই।

No comments