Breaking News

দক্ষিণ কামৰূপৰ সোণতলীত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান বন বিভাগৰ


পঙ্কজ নাথ,চাংসাৰিঃ বামুণীগাঁও আঞ্চলিক বন বিষয়া কাৰ্যালয়,প্ৰটেকচন ৰেঞ্জ আৰু নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ যৌথ অভিযান। চৰম সমালোচনাৰ সন্মুখীন হৈ নিজৰ ব্যৰ্থতা ঢাকিবলৈ আজি  ৰাতিপুৱা দক্ষিণ কামৰূপৰ সোণতলীত বন বিভাগে  চলালে চোৰাং কাঠৰ বিৰুদ্ধে অভিযান৷ কিয়নো মাত্ৰ দুদিন পূৰ্বে স্থানীয় ৰাইজে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ চোৰাং কাঠ৷ ফলত ফাদিল হৈছিল বন বিভাগৰ অকৰ্মণ্যতা। 

নিজৰ ব্যৰ্থতাক ঢাকিবলৈ বন বিভাগে এতিয়াহে চলাইছে অভিযানৰ ভেকোঁ ভাওনা। এতিয়াহে সাৰ পাব ধৰিছে অতদিনে শুই থকা এই বিয়াগোম বিভাগটো। ৰাইজৰ অত্যন্ত সমালোচনাৰ পিছত আজি ৰাতিপুৱা নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে সোণতলীৰ মাহতলী গাঁৱত চলায় চোৰাং কাঠৰ বিৰুদ্ধে এই অভিযান৷ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ। মাহতলী গাঁৱৰ জিন্নত আলীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে চোৰাং কাঠখিনি৷ 


প্ৰায় লক্ষাধিক টকাৰ চোৰাং কাঠখিনি পানীখাইতী গাঁৱৰ ৰহিজ উদ্দিন নামৰ চোৰাং বেপাৰীৰ বুলি জিন্নত আলীৰ পৰিয়ালে জানিবলৈ দিছে।ইতিমধ্যে ঘৰৰ গৰাকী জিন্নত আলী আহমেদক আটক কৰিছে বন বিভাগে৷ আনহাতে,বৰ্তমানেও পলাতক অৱস্থাত আছে কাঠ বেপাৰী পানীখাইতী গাঁৱৰ ৰহিজ উদ্দিন।

No comments