Breaking News

নলবাৰী মহাবিদ্যালয়ত বক্তৃতা প্ৰতিযোগিতা


প্ৰাঞ্জল বেজবৰুৱা,নলবাৰীঃ নলবাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু জিলা নিৰ্বাচনী বিষয়াৰ সহযোগত আয়োজিত হয় "আমি কিয় ভোট দিব লাগে?" শীৰ্ষক আন্ত:বিভাগ বক্তৃতা প্ৰতিযোগিতা। নলবাৰী মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত আয়োজন কৰা এই বক্তৃতা প্ৰতিযোগিতাত নলবাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰাহুল দৈমাৰীয়ে আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানটোত অতিথি হিচাপে অংশগ্ৰহণ কৰে ড০ ধীৰাজ তালুকদাৰে। প্ৰৱক্তা শচীন্দ্ৰ কুমাৰ কলিতা আৰু ড০ বিদ্যুৎ দাসে বিচাৰকৰ আসন শুৱনি কৰা প্ৰতিযোগিতাখনত কৃষ্ণাস্মিতা কলিতাই প্ৰথম,ৰাজ দাসে দ্বিতীয় আৰু নিবিৰ নয়নে তৃতীয় স্থান লাভ কৰে।

No comments