Breaking News

গোলাঘাট জিলাত ৰেচন কাৰ্ডৰ গৰাকীসকলে ক'ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা প্ৰশাসনৰ

 


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলে ক'ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা কৰিছে । জিলা উপায়ুক্তই ইতিমধ্যে সমবায় সমিতিসমূহলৈ এই সম্পৰ্কীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে । সেই অনুসৰি সুলভ মূল্যৰ দোকানীসকলে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ পৰা ক'ভিড প্ৰতিষেধক লোৱাৰ প্ৰমানপত্ৰ সংগ্ৰহ কৰিব লাগিব । ১৭ নৱেম্বৰত জাৰি কৰা নিৰ্দেশনা মতে এতিয়াও যদি কোনো লোকে প্ৰতিষেধক লোৱা নাই তেনেহ'লে নিৰ্দেশনা জাৰি কৰাৰ ১৫ দিনৰ ভিতৰত প্ৰতিষেধক লৈ সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত প্ৰমানপত্ৰ জমা দিবলৈ কোৱা হৈছে । 

No comments