Breaking News

প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত গোলাঘাট জিলাত ২০২০-২১ বৰ্ষত ১,৪০০ নিবনুৱাক সামৰি প্ৰায় ১২ কোটি টকাৰ ঋণ প্ৰদানৰ লক্ষ্য


ডিজিটেল সংবাদ, গোলাঘাটঃ কেন্দ্ৰীয় চৰকাৰৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ বিভিন্ন নিয়োগ সৃষ্টি আঁচনি সন্দৰ্ভত আজি গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত মন্ত্ৰালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা উপ মুখ্য কাৰ্যবাহী বিষয়া ডঃ সুকমল দেৱে এখন সংবাদমেল সম্বোধন কৰে । তেওঁ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্বাৰা তথা খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ ঋন লাভ কৰি কেনেকৈ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰিব পাৰে এই বিষয়ে বিতংভাৱে অৱগত কৰে । তেওঁ কয় যে ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিবনুৱা সমস্যা বৃদ্ধি পোৱালৈ চাই নিবনুৱা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ দিয়াটো চৰকাৰখনৰ দায়িত্ব । সেয়ে দক্ষ ল'ৰা-ছোৱালীখিনিক চৰকাৰৰ ফালৰ পৰা সহায় কৰাৰ উদ্দেশ্যে এই আঁচনিৰ সফল ৰূপায়নত গুৰুত্ব আৰোপ কৰা হৈছে । 

কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ সৈতে এই সন্দৰ্ভত মত বিনিময় কৰি তেওঁ কয় যে ক'ভিডসৃষ্ট পৰিস্থিতিত বহিঃৰাজ্যত কৰ্মৰত ৰাজ্যখনৰ প্ৰায় আঢ়ৈ লাখ লোক অসমলৈ উভতি আহে । এনে পৰিস্থিতিত নিবনুৱা সমস্যাৰ জোৰা মৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিখন অতি গুৰুত্বপূৰ্ণ আঁচনি হিচাপে পৰিগণিত হৈছে । তেওঁ কয় যে এই আঁচনিৰ অধীনত উৎপাদন খণ্ডৰ বাবে ২৫ লাখ টকা আৰু সেৱা খণ্ডৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰা হয় । এই ঋণৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ বাবে ৩৫ শতাংশ পৰ্যন্ত আৰু নগৰ অঞ্চলৰ বাবে ২৫ শতাংশ পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা হয় । তেওঁ পুনৰ কয় যে অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ২৯ শতাংশ কেৱল অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ পৰা আহে । সেয়ে এই খণ্ডটোক শক্তিশালী কৰিব পাৰিলে ৰাষ্ট্ৰ নিৰ্মাণ ব্যৱস্থাও শক্তিশালী হ'ব বুলি তেওঁ কয় । 

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ২০২০-২১ বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ অধীনত গোলাঘাট জিলাৰ বাবে ৪.৪৬ কোটি টকাৰ ৰাজসাহায্যৰে প্ৰায় ১,৪০০ লোকক সামৰি প্ৰায় ১২ কোটি টকাৰ ঋণ প্ৰদানৰ লক্ষ্য লোৱা হৈছে । তেওঁ আগ্ৰহী নিবনুৱা যুৱক-যুৱতীসকলক www.kviconline.gov.in/pmegpeportal ৰ জৰিয়তে ঋণৰ বাবে আবেদন জনাবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ ১৮ বছৰৰ উৰ্ধৰ যিকোনো লোকেই আবেদন জনাব পাৰে । উৎপাদন খণ্ডত ১০ লাখ টকাতকৈ অধিক প্ৰকল্প ব্যয়ৰ উদ্যোগ আৰু সেৱা খণ্ডত ৫ লাখ টকাতকৈ অধিক প্ৰকল্প ব্যয়ৰ উদ্যোগ স্থাপনৰ বাবে এই ঋণ প্ৰদান কৰা হয় । তেওঁ কয় যে কে ভি আই চিৰ ৱেবছাইটত ৩০৭টা আৰ্হি প্ৰকল্প আপলোড কৰা আছে । আবেদনকাৰীয়ে এই আৰ্হি প্ৰকল্পৰ দ্বাৰা আচঁনিখনৰ বিষয়ে এটা সম্যক ধাৰণা লাভ কৰিব পাৰিব । আজিৰ সংবাদমেলত জিলা উদ্যোগ কেন্দ্ৰৰ প্ৰধান পৰিচালক উমেশ কুমাৰ আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী উপস্থিত আছিল ।


No comments