Breaking News

শিল্পী হিমেন দাসক সুঁৱৰি গোলাঘাট প্ৰবীণ শিল্পী মঞ্চৰ শোকসভা


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট প্ৰবীণ শিল্পী মঞ্চৰ সদস্য সকলে দেওবাৰে গোলাঘাট ৰিলায়েন্স জুনিয়ৰ মহাবিদ্যালয়ত সদ্যপ্ৰয়াত বিশিষ্ট তবলাবাদক আৰু সুনিপুন চিত্ৰশিল্পী হিমেন দাসৰ মৃত্যুত মঞ্চৰ সভাপতি ড০ লুকুমণি গোস্বামীৰ সভাপতিত্বত এখনি শোকসভা অনুষ্ঠিত কৰে আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মঞ্চৰ সদস্য সকলে হিমেন দাসৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে।

 সভাত সদস্য সকলে নিজৰ নিজৰ অনুভৱ প্ৰকাশ কৰে। সভাত সদস্য বাসৱ বৰবৰা,দুৰ্গাধৰ নেওঁগ, অপূর্ব বল্লভ গোস্বামী, মিমনি গোস্বামী, ৰেকিব শ্বাহ, প্ৰদীপ সোনাৰ, বিভা দাস বৰা, মামনি ৰাজখোৱা, অজিত শইকীয়া আদি সদস্যসকল উপস্থিত থাকে।

No comments