Breaking News

গোলাঘাটৰ ঢেকিয়ালত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত পুৰোহিত বিপুল শাস্ত্ৰীসহ দুজনৰ মৃত্যু


ডিজিটেল সংবাদ,ঢেকিয়ালঃগোলাঘাটৰ ঢেকিয়ালত ভয়ংকৰ পথ দুৰ্ঘটনা।বিবাহ যাত্ৰীৰ গাড়ী দুৰ্ঘটনাৰ ফলত থিতাতে নিহত দুজন। জাঁজীৰ কন্যা ঘৰৰ পৰা ওভতি আহোতে পুৱতি নিশা এএছ. ০১ ইএ.৯০৬০  নম্বৰৰ মহিন্দ্ৰা মাৰাজো গাড়ীখনে পথৰ কাষৰ এজোপা আম গছত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাত পুৰোহিত বিপুল শাস্ত্ৰী আৰু মহানন্দ কলিতা নামৰ দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে অভিজিত সাহা,মুনিন্দ্ৰ দাস দিব্যজ্যোতি গগৈ, চিত্ৰম গগৈ আৰু দিগন্ত বৰুৱা আহত হয়।

উল্লেখ্য যে, গোলাঘাটৰ পূৰ্বাঞ্চল পথত আছিল দৰাৰ ঘৰ।গাড়ী খনত তিনিজন ভিডিও গ্ৰাফাৰ,চালক আৰু অন্য লোক আছিল।দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী পুৰোহিত। পুৰোহিত গৰাকীৰ নাম বিপুল শাস্ত্ৰী ।আহত ৫ গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও এজন চিকিৎসালয়তে মৃত্যু হয়।


উল্লেখ্য যে, গোলাঘাট আঠখেলীয়াৰ নিবাসী, সংস্কৃত পণ্ডিত বিপুল শাস্ত্ৰীয়ে জিলাখনৰ লগতে বিভিন্ন প্ৰান্তত অনুষ্ঠিত পূজাত পূজাৰীৰূপে পূজাসমূহ সম্পাদন কৰি আহিছিল। তেখেত এগৰাকী অতি অমায়িক আৰু সদায়ে সাজ পোছাক পৰিষ্কাৰ পৰিচ্ছন্নকৈ পৰিধান কৰি ভাল পোৱা এটা সুন্দৰ মনৰ অধিকাৰী আছিল শাস্ত্ৰী। গোলাঘাটৰ এগৰাকী জনপ্রিয় পুৰোহিত বিপুল শাস্ত্ৰীৰ এই মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে।

No comments