Breaking News

অসম গণিত শিক্ষায়তন, গোলাঘাট শাখাৰ বাৰ্ষিক মুখপত্ৰ উন্মোচন আৰু গণিত উৎকৰ্ষ সাধন পৰীক্ষা, ২০২০ ৰ স্হানপ্ৰাপ্ত সকলক বঁটা প্ৰদান


সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃগোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত অসম গণিত শিক্ষায়তন, গোলাঘাট শাখাৰ বাৰ্ষিক মুখপত্ৰ 'গণিত উৎকৰ্ষ, ২য় সংখ্যা' দেওবাৰে উন্মোচন কৰা হয়। স্বৰ্ণালীম দত্তৰ সম্পাদনাত প্ৰকাশ পোৱা মুখপত্ৰখন উন্মোচন কৰে অসম গণিত শিক্ষায়তনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়, বোকাখাতৰ অধ্যক্ষ ডঃ সুৰজিৎ দত্তই। শাখাৰ সম্পাদক শৈলেন্দ্ৰ কুমাৰ দত্ত বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে শাখাৰ সভাপতি ডঃ বিপুল চন্দ্ৰ ভূঞাই। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শাখাৰ যুটীয়া সম্পাদক চৈয়দ আক্ৰাম হুছেইন আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, গোলাঘাটৰ অধ্যক্ষ অচিন্ত্য গোস্বামীয়ে । 

অনুষ্ঠানৰ আৰম্ভণিতে গোলাঘাটৰ স্হানীয় শিল্পী, বিশিষ্ট তোৰণ নিৰ্মাতা হিচাপে পৰিচিত সদ্যপ্ৰয়াত হিমেন দাসৰ সোঁৱৰণত এক মিনিট সময় মৌন প্ৰাৰ্থনা অৱলম্বন কৰা হয়।অগশি, গোলাঘাট শাখাৰ সদস্যসকল, গণিত উৎকৰ্ষ সাধন পৰীক্ষা, ২০২০ ৰ ৰেংকপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী, অভিভাৱককে ধৰি অৰ্ধশতাধিক  ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানতে গণিত উৎকৰ্ষ সাধন পৰীক্ষা, ২০২০ ৰ ৰেংকপ্ৰাপ্ত সকলক নগদ ধন, কিতাপৰ টোপোলা আৰু চাৰ্টিফিকেটেৰে পুৰষ্কৃত কৰা হয়। 


অগশি, গোলাঘাট শাখাৰ কাৰ্যবাহী সদস্য সিদ্ধাৰ্থ প্ৰতীম গগৈয়ে জনোৱা মতে গণিত উৎকৰ্ষ সাধন পৰীক্ষা, ২০২০ ৰ চাৰ্টিফিকেট অৱ মেৰিট আৰু চাৰ্টিফিকেট অৱ এপ্ৰিচিয়েশ্চন প্ৰাপ্তসকলে তেওঁলোকৰ চাৰ্টিফিকেট, কিতাপৰ টোপোলা (কেৱল মেৰিট প্ৰাপ্তসকলৰ বাবে) আৰু গণিত উৎকৰ্ষ, ২য়‌ সংখ্যাৰ এটাকৈ কপি নিজ নিজ পৰীক্ষা কেন্দ্ৰৰপৰা ২২ নৱেম্বৰ, ২০২১ ৰ পৰা‌ লাভ কৰিব পাৰিব।  অনুষ্ঠানৰ শেষলৈ গণিত উৎকৰ্ষ সাধন পৰীক্ষা, ২০২১, ডিচেম্বৰৰ ২৬ তাৰিখে আৰু গণিত মেলা ২২ আৰু ২৩ জানুৱাৰী, ২০২২ ত অনুষ্ঠিত হʼব বুলি ঘোষণা কৰা হয়।

No comments