Breaking News

তোৰণ শিল্পী হিমেন দাস





                  আনমনা গগৈ



তোৰণ নিৰ্মাণেৰে বিশেষ খ্যাতি লাভ কৰিছে গোলাঘাটৰ শিল্পী হিমেন দাসে।নৱম শ্ৰেণীত পঢ়ি থাকোতেই বিদ্যালয়ৰ সৰস্বতী পূজাত মণ্ডপ আৰু তোৰণ নিৰ্মাণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এইজন শিল্পীয়ে১৯৮০চনত প্ৰথম বাৰৰ বাবে আত্ম প্ৰকাশ কৰে।সেই সময়ত তেওঁ তোৰণ আৰু মণ্ডপ নিৰ্মাণ ৰ বাবে ছয় সাতজনীয়া এক সহায় কাৰী দল গঠন কৰি লৈছিল।বৰ্তমান অৱশ্যে ইয়াৰ সদস্য সংখ্যা দহ পোন্ধৰ জনলৈ বৃদ্ধি হৈছে।তেখেতে বিহু সন্মিলন,শ্বপিংমল,বিভিন্ন অধিৱেশন, বিভিন্ন অনুষ্ঠানৰ তোৰণ আৰু মণ্ডপ আটক ধুনীয়াকৈ সজাই তোলে।তেওঁ নিৰ্মাণ কৰা বিশেষ তোৰণ হ'ল-শ্ৰী মন্ত শংকৰদেৱ সংঘৰ অধিৱেশন (বোকাখাত আৰু দেৰগাঁও অধিবেশন),সাহিত্য সভাৰ মূল তোৰণ,সদৌ অসমভাওনা প্ৰতিযোগিতাৰ মূল তোৰণ,বিহু সন্মিলনৰ মূল তোৰণ(যোৰহাট, গোলাঘাট, দুলীয়াজান আদি বিভিন্ন ঠাইত),গ্ৰন্থ মেলা,হস্তীমেলা(২০০২),ছাত্র সন্হাৰ বাৰ্ষিক অধিৱেশন (লখিমপুৰ)আদি।



    হিমেন দাস এজন ভাল চিত্ৰশিল্পী ৰ লগতে তবলাবাদকো।অজন্তা কলামণ্ডলৰ পৰা তবলা শিক্ষা গ্ৰহণ কৰি তেওঁ১৯৭৪ চনৰ পৰাই সংগীতৰ ক্ষেত্ৰখনতো জৰিত হৈ পৰে।ছাত্ৰাৱস্হাতে আন্তঃমহাবিদ্যালয় মহোৎসৱত তবলা পৰিৱেশন কৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল।তেখেতে ৰূপবন সংগীত মহাবিদ্যালয় ত তবলা শিক্ষক হিচাবে নিয়োজিত হোৱাৰ লগতে গোলাঘাটৰ মহেশ্বৰ বৰুৱা মহাবিদ্যালয় তো শিক্ষক হিচাবে সেৱা আগবঢ়াই।১৯৭৬চনত প্ৰয়াত জনপ্ৰিয় শিল্পী জয়ন্ত হাজৰিকাৰ নেতৃত্বত বান সাহায্য ৰ বাবে গঠন হোৱা "সুৰ বাহিনীৰ"সক্ৰিয় সদস্য হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।



   ১৯৫৬ চনত গোলাঘাট জিলাৰ নিৱাসী গৌৰীমোহন দাস আৰু মাকন দাসৰ সন্তান হিমেন দাসে সংস্কৃতিৰ পথাৰ খনলৈ অতি কম বয়সতে ই যাত্ৰা আৰম্ভ কৰিছিল।সেই ধাৰা আজিও অব্যাহত আছে।তেওঁৰ শিল্প কৰ্মৰ স্বীকৃতি স্বৰূপে ২০১৩ চনত মুম্বাই পঞ্চৰত্ন গৌৰৱ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।২০১৬-চনত গোলাঘাট গৌৰৱ বঁটাৰে বিভূষিত হয় হিমেন দাস।

No comments