Breaking News

দক্ষিণ কামৰূপৰ সোণতলীত চোৰাংকাঠৰ ৰমৰমীয়া বেহা


পঙ্কজ নাথ, চাংসাৰিঃদক্ষিণ কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বৃহত্তৰ গৰৈমাৰী- সোণতলী অঞ্চলত চোৰাং কাঠ ব্যৱসায়ীয়ে মুকলিকৈ কাঠফলা মিল বহাই চোৰাং কাঠৰ ব্যৱসায় চলাই থকাৰ মাজতেই সোণতলীৰ একাংশ সচেতন ৰাইজে সৰব হৈ পৰে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে। নিশাৰ ভাগত স্থানীয় ৰাইজে চোৰাং কাঠ কাঢ়িওৱা গাড়ী খেদি খেদি আটক কৰি স্থানীয় সোণতলী আৰক্ষীক খবৰ দিয়ে। 

সোণতলী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ সহযোগত জব্দ কৰে লক্ষাধিক টকাৰ চোৰাং কাঠখিনি। নগৰবেৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়ববীয়া সকলে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজে জব্দ কৰা চোৰাং কাঠখিনি  ইতিমধ্যে নিজৰ জিম্মাত লৈছে। আনহাতে, বন বিভাগে সোণতলী অঞ্চলত বৰ্তমানেও অব্যাহত ৰাখিছে চোৰাং কাঠৰ বিৰুদ্ধে অভিযান।

No comments