Breaking News

টিহুৰ প্ৰবীন সাংবাদিক,বিশিষ্ট শিক্ষাব্ৰতী তথা সমাজকৰ্মী প্ৰাণকৃষ্ণ দাসলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি


প্ৰাঞ্জল বেজবৰুৱা, নলবাৰীঃ টিহুৰ সমাজ জীৱনৰ এগৰাকী বিশিষ্ট লোক, বিশিষ্ট শিক্ষাব্ৰতী আৰু সমাজকৰ্মী, মফচলীয়া সাংবাদিকতাক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে শিক্ষকতাৰে অনেক মানৱ সম্পদ গঢ়ি যোৱা ৮ নবেম্বৰ সোমবাৰে ইহ সংসাৰৰ পৰা চিৰবিদায় লোৱা প্ৰাণকৃষ্ণ দাসক শনিবাৰে টিহু মহকুমা ৰিপোৰ্টাৰ্ছ এচচিয়েছনৰ উদ্যোগত  ৰাজহুৱা ভাৱে  শ্ৰদ্ধাঞ্জলি জনোৱা হয় । 

প্ৰয়াত দাসৰ  বাসগৃহত শনিবাৰে টিহু মহকুমা ৰিপোৰ্টাৰ্ছ এচোচিয়েছনৰ সভাপতি  সাংবাদিক অজিত কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত প্ৰাণকৃষ্ণ দাসৰ প্ৰতিচ্ছবিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় । অনুষ্ঠানত  টিহুৰ ভালে সংখ্যক দল-সংগঠন,  অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে সাংবাদিক গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ  কৰ্মাৰাজিৰ বিষয়ে আলোকপাত কৰে ।  

No comments