Breaking News

চামতা শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ'ল শৰৎৰ জোনাকত সুৰ আৰু ছন্দ শীৰ্ষক অনুষ্ঠান ।


প্ৰাঞ্জল বেজবৰুৱা, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত অন্যতম শাখা চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত ১৯ অক্টোবৰ শুক্ৰবাৰে সন্ধিয়া "শৰৎৰ জোনাকত সুৰ আৰু ছন্দ" শীৰ্ষক এক ব্যতিক্ৰমী কাব্যিক অনুষ্ঠান কৰা হয় । উক্ত কাব্যিক অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° প্ৰমোদ হালৈয়ে । অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি হিৰণ্য বৰ্মনে । 

শৰৎৰ জোনাকত সুৰ আৰু ছন্দ শীৰ্ষক কাব্যিক অনুষ্ঠানটো কবিতাৰ আলোচনাৰে অনুষ্ঠানটো আঁতধৰে যুৱ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত বিশিষ্ট কবি বিজয় শংকৰ বৰ্মনে । আধুনিকতাৰ পৰা নিলগত সম্পূৰ্ণ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত একুৰা জুই আৰু মাটিৰ চাকিৰ পোহৰত অনুষ্ঠিত হোৱা উক্ত ব্যতিক্ৰমী কাব্যিক অনুষ্ঠানটোৱে ৰাইজৰ বিপুল সমাদৰ লাভ কৰে । কবিতাৰ লগতে নৃত্য-গীত আৰুৰ সুৰৰ মায়াজালেৰে সন্ধিয়াটোৱে এক নতুন মাত্ৰা লাভ কৰে । 

উক্ত অনুষ্ঠানত  বিপুল কুমাৰ দত্ত, শান্তনু শৰ্মা, নৱজ্যোতি পাঠক, মনিষা তালুকদাৰ, আব্দুল মজিদ, বিনয় শৰ্মা, দ্বীপেন মেনা, গনেশ বৰ্মন আদি বিশিষ্ট কবিসকলে কবিতা পাঠ কৰে । ইয়াৰোপৰি নৱ প্ৰজন্মৰ কবিতা চৰ্চা কৰি থকা বহু সংখ্যক যুৱক-যুৱতীয়ে কবিতা পাঠ কৰে । অনুষ্ঠানৰ শেষত চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে শলাগঁৰ শৰাই আগবঢ়ায় ।

No comments