Breaking News

গোলাঘাটৰ বিশিষ্ট চিত্ৰশিল্পী, সুনিপুন তবলা বাদক হিমেন দাস আৰু নাই


ডিজিটেল ডেস্কঃ গোলাঘাটৰ বিশিষ্ট চিত্ৰশিল্পী, সুনিপুন তবলা বাদক হিমেন দাস আৰু নাই। এই ধৰাৰ ধূলিৰ পোছাক খুলি পৰলোকলৈ গমন কৰিলে আজন্ম শিল্পী হিমেন দাসে। গোলাঘাটক উকা কৰি আজি বিয়লি ২.৩৫ বজাত অনন্তধামলৈ গতি কৰিলে বিশিষ্ট শিল্পী গৰাকীয়ে । ৩০ অক্টোবৰত কমাৰবন্ধাত নিজৰ কৰ্ম সম্পাদন কৰি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ প্ৰথমে যোৰহাট মেডিকলে কলেজত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল। চিকিৎসাধীন অৱস্থাত মৃত্যুৰ সৈতে যুঁজি যুঁজি আজি বিয়লি ২.৩৫ বজাত সকলোকে কন্দুনাই চিৰদিনৰ বাবে গুচি গ’ল অজান দেশলৈ। 

গোলাঘাটৰ লগতে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সমাজ জীৱনৰ লগত জড়িত হিমেন দাস এসময়ৰ জয়ন্ত হাজৰিকাৰ আদৰ্শত অনুপ্ৰাণিত হৈ সুৰবাহিনীৰ সৈতেও জড়িত হৈ সাংস্কৃতিককৰ্মী হিচাপে সেৱা আগবঢ়াই গৈছিল। এগৰাকী তবলা বাদলক হিচাপেও সুপৰিচিত হিমেন দাসৰ হাতত প্ৰাণ পাই উঠিছিল বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আদৰণি তোৰণ। কলাসুলভ মনৰ গৰাকী হিমেন দাসৰ হাত পৰশত প্ৰাণ পাই উঠা আদৰণি তোৰণসমূহে কেৱল গোলাঘাটতে নহয় সমগ্ৰ ৰাজ্যতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটি, প্ৰবীন শিল্পী মঞ্চ, পূৰ্বাঞ্চলীয় সাংস্কৃতিক গোষ্ঠী আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বহু প্ৰতিভাৰ গৰাকী হিমেন দাসৰ মৃত্যুত ম্ৰিয়মান সমগ্ৰ গোলাঘাট।

তেখেতৰ মৃত্যুত গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ সভাপতি ডাঃ অজিত বৰুৱা, প্ৰশাসনীয় সম্পাদক দীপমণি খাটনীয়াৰ, গোলাঘাট প্ৰবীন শিল্পী মঞ্চৰ সভানেত্ৰী ড০ লুকুমণি গোস্বামী, সম্পাদিকা মঞ্জু বৰগোহাঁই, জননী লাইভৰ মুখ্য সম্পাদক তথা বিশিষ্ট পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামী, গণকণ্ঠ সাহিত্য গোষ্ঠীৰ সম্পাদক ৰূপজ্যোতি ফুকন, গোলাঘাট জিলা টাগ অৱ ৱাৰ সন্থাৰ সভাপতি জ্ঞানজ্যোতি নাথ আৰু সম্পাদক শৰৎ শইকীয়া আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

No comments