Breaking News

গোলাঘাট পৌৰসভালৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পৰিষ্কাৰ নগৰৰ সন্মান


ডিজিটেল সংবাদ,গোলাঘাটঃকেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ ন খন পৌৰ সভালৈ ২০২১ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আগবঢ়াইছে । গোলাঘাট পৌৰসভায়ো এইবছৰৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে । নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত  স্বচ্ছ অমৃত মহোৎসৱ শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানত আজি ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত অসমৰ আন আঠখন পৌৰসভাৰ লগতে গোলাঘাট পৌৰসভাক এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় । গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰে এই বঁটা গ্ৰহণ কৰে ।  

উল্লেখযোগ্য যে, ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ জনসংখ্যাৰ শ্ৰেনীত গোলাঘাট পৌৰসভাই উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পৰিষ্কাৰ নগৰ হিচাপে প্ৰথম স্থান লাভ কৰিছে । গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ আৰু পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলে এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে গোলাঘাট নগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে । 

No comments