Breaking News

গোলাঘাটত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ বিত্তমন্ত্ৰী অজন্তা নেওগৰ


ডিজিটেল সংবাদ,গোলাঘাটঃ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট জিলাৰ পুলিবৰ গাঁও পঞ্চায়তৰ নৱনির্মিত কাৰ্যালয় গৃহৰ আধাৰশিলা মুকলি কৰে । এই উপলক্ষে অনুষ্ঠিত এখন সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কেৱল চৰকাৰী পুঁজিলৈ বাট চাই নাথাকি উপাৰ্জনৰ নিজা পথ উলিয়াবলৈ গাঁও পঞ্চায়তসমূহৰ প্ৰতি আহ্বান জনায় । তেওঁ কেৰালাৰ উদাহৰণ দাঙি ধৰি আত্মসহায়ক গোটসমূহক উদ্দেশ্যি কয় যে চৰকাৰী পুঁজি নিজৰ মাজতে ভগাই নলৈ উপাৰ্জনৰ পথ উলিয়াব পৰাকৈ উচিতভাৱে বিনিয়োগ কৰিব লাগিব । তেওঁ কয় যে উন্নয়নে সমাজৰ শেষৰজন ব্যক্তিকো যাতে স্পৰ্শ কৰে তাৰ বাবে কেন্দ্ৰৰ মোডী চৰকাৰ আৰু ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে । তেওঁ এটকাও পুঁজিৰ যাতে অপব্যৱহাৰ নহয় সেয়া সুনিশ্চিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । 

তেওঁ সমাজৰ দুৰ্বল-দৰিদ্ৰ লোকসকলক ঘৰে ঘৰে গৈ বিচাৰি উলিয়াই তেওঁলোকৰ প্ৰাপ্যসমূহ দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি  মত প্ৰকাশ কৰে। দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে সমাজৰ দৰিদ্ৰ লোকসকলে প্ৰতিটো ক্ষেত্ৰতে অগ্ৰাধিকাৰ পাব লাগিব । আনহাতে সকলোকে ক'ভিড প্ৰতিষেধক ল'বলৈ আহ্বান জনাই তেওঁ কয় যে প্ৰতিষেধক নোলোৱা কোনো ব্যক্তিয়ে কোনো চৰকাৰী সুবিধা লাভ কৰিব নোৱাৰিব । একেটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা অভিযান পৰিচালনা গোটৰ উদ্যোগত হিতাধিকাৰীলৈ অসমী গ্ৰামীণ এক্সপ্ৰেছ শীৰ্ষক এখন চাৰিচকীয়া বাহন আগবঢ়ায় । অনুষ্ঠানত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । 

ইয়াৰ পাছতেই মন্ত্ৰীগৰাকীয়ে ২০২০-২১বৰ্ষৰ আনটাইড ফাণ্ডৰ পুঁজিৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ ফৰকাটিং আঞ্চলিক শাখাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ গৃহৰ আধাৰশিলা স্থাপন কৰে । তেওঁ ঘিলাধাৰী গাঁও পঞ্চায়তৰ নৱনির্মিত কাৰ্যালয় গৃহটোও মুকলি কৰে । ইফালে মন্ত্ৰীগৰাকীয়ে আজি ফৰকাটিং উৰণীয়া সেতুখনো পৰিদৰ্শন কৰে । তেওঁ পিছত সাংবাদিকৰ আগত কয় যে এইয়া ৰাইজৰ সম্পদ আৰু উৰণীয়া সেঁতুখনৰ ওপৰত সৌন্দৰ্যবৰ্ধনৰ বাবে যিখিনি কাম কৰা হৈছে সেয়া যাতে সকলোৱে নিজৰ হিচাপে জ্ঞান কৰি সুৰক্ষিত কৰি ৰাখে । তেওঁ উৰণীয়া সেঁতুখন নিৰ্মান কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে । 

তেওঁ লগতে কয় যে অতি সোনকালে মুখ্যমন্ত্ৰীয়ে এই উৰণীয়া সেঁতুখন আনুষ্ঠানিকভাৱে মুকলি কৰিব । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ গোলাঘাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ কাম এই বছৰতে আৰম্ভ হ'ব বুলি উল্লেখ কৰাৰ লগতে দেৰগাঁৱৰ পৰা ৰঙাজানলৈ ২০০ কোটি টকাৰে পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথটো নিৰ্মান কৰা হ'ব বুলি জানিবলৈ দিয়ে।

No comments