Breaking News

চৰকাৰ আৰু আছু নেতাক তুলাধুনা অধিবক্তা উপমন্যু হাজৰিকাৰ


ৰবীন মৰাণ, পেঙেৰীঃ 'স্বাৰ্থপৰ, প্ৰৱঞ্চক আৰু ক্ষমতা লোভী নেতাৰ কাৰণেই অসম আন্দোলন বিফল হ'ল, এটাও বিদেশী নগ'ল, বিপৰীতে ৭১ ৰ আগতকৈ পিছতহে বিদেশী বেছিকৈ আহি সংস্থাপিত হ'ল আৰু বৰ্তমানেও হৈয়েই আছে'। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ। এক বিবৃত্তিযোগে অধিবক্তা হাজৰিকাই কয় যে উত্তৰ ভাৰতৰ কৃষক সকলে দৃঢ়তাৰে ৰ'দ-বতাহ, পুলিচৰ গুলী আৰু বেত্ৰাঘাত নেওচি দুবছৰৰ ভিতৰতে সম্পূৰ্ণ বহুমত থকা শক্তিশালী কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ ন্যায় পূৰ্বক দাবী মনাবলৈ সক্ষম হ'ল। কৃষক আন্দোলনৰ সফলতাৰ আঁ‌ৰত তেওঁলোকৰ দৃঢ়তা আৰু লক্ষ্যই অন্যতম। কৃষক নেতাসকলে নিজৰ স্থিতিত অটল থকাৰ বাবেই তেওঁলোক সফল হ'ল। 

তাৰ বিপৰীতে অসমৰ নেতাই খিলঞ্জীয়াৰ অস্তিত্বৰ স্বাৰ্থকলৈ কেতিয়াও দায়িত্ব নললে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৰূপায়ণত বিফলতাৰ দায়িত্ব চৰকাৰ কিম্বা আছুৰ নেতাসকলে নললে। মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক সকলে এই ইচ্ছ্যুটোক লৈ ক্ষমতা দখল কৰিলে আৰু আছু নেতাসকলেও বিষয়টোক হাতিয়াৰ হিচাপে লৈ ক্ষমতা দখলেৰে ন্যস্তস্বাৰ্থ পূৰণ কৰিলে। তেওঁ আৰু কয় যে এতিয়া নিৰ্লজ্জভাৱে  চৰকাৰ আৰু আছুৰ  নেতাসকলে সন্মিলিত হৈ  ন্যস্তস্বাৰ্থ পূৰণৰ হেতু চল্লিছ বছৰীয়া আন্দোলনটোক অব্যাহত ৰাখাৰ নাটক ৰচিছে। চল্লিছ বছৰৰ অসম আন্দোলনৰ পাছত সমস্যা আৰু সমাধানৰ পথ কোন দিশে সেয়া স্পষ্ট বুলিও হাৰিকাই কয়। 

তেওঁ কয় যে এন্ আৰ চি সফল কৰিবলৈ পুনৰীক্ষণ অনিবাৰ্য, খিলঞ্জীয়া সংখ্যালঘুলৈ ৰূপান্তৰিত নহ'বৰ বাবে ভূমি, চাকৰি, সম্পদ আদিৰ সংৰক্ষণৰ বিকল্প নাই। লগতে 'কা'ৰ দ্বাৰা অসমৰ ওপৰত নতুন বিদেশীৰ বোজা  জাপি দিয়াটো বাতিল কৰিব লাগে। কিন্তু এই লক্ষ্যকেইটাক লৈ, চল্লিছ বছৰে নেতৃত্ব লোৱা অসমৰ নেতা সকলে দায়িত্ব লোৱাতো বাদেই  কেৱল নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে ৰাইজক প্ৰবঞ্চনা কৰি আহিছে আৰু যেতিয়ালৈকে এনে নেতাক ৰাইজে ক্ষমতাত ৰাখি নেতা বনাই পুৰস্কৃত কৰি থাকিব, তেতিয়ালৈকে অসমৰ ৰাইজ উদ্ধাৰ নহয়।

No comments