Breaking News

গোলাঘাট পলিটেকনিকত নৱাগত আদৰণি আৰু বিশেষ উৎকৰ্ষ সাধন অনুষ্ঠান সম্পন্ন


সিদ্ধাৰ্থ সন্দিকৈ,গোলাঘাটঃ অসমৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহৰ অন্যতম  গোলাঘাট পলিটেকনিকত যোৱা ২১ অক্টোবৰৰ পৰা প্ৰায় দুসপ্তাহজোৰা কাৰ্যসূচীৰে প্ৰথম ষান্মাসিকৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিশেষ উৎকৰ্ষ সাধন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক, সামাজিক আৰু কাৰিকৰী বাতাবৰণ সৃষ্টি তথা এইবোৰৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ প্ৰথম দিনা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ড০ গৌতম বৰঠাকুৰৰ আদৰণী ভাষণেৰে আৰম্ভ হৈ শেষৰ দিনা 'নৱাগত আদৰণী সভা'ৰ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰে। 


এই অনুষ্ঠানসমূহত  'ড্ৰাগছ বিৰোধী সজাগতা সভা', বৃক্ষৰোপণ, চিত্ৰ আৰু কাৰুকলা আদি কাৰ্যসূচীসমূহ  ৰূপায়ণ কৰা হৈছিল। ফৰকাটিং আৰক্ষী চকীৰ সৈতে যুটীয়াভাৱে অনুষ্ঠিত হোৱা ড্ৰাগছ বিৰোধী সজাগতা সভাখনত ফৰকাটিং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৃপ্তি গগৈয়ে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত গগৈয়ে কয় যে ছাত্ৰ-শিক্ষক-অভিভাৱকৰ সজাগ-সচেতনতা তথা আৰক্ষী প্ৰশাসনৰ সৈতে সহায়-সহযোগিতাৰে এই ড্ৰাগছ তথা ড্ৰাগছৰ সৈতে জড়িত বিভিন্ন অপৰাধমূলক ঘটনাসমূহ নিৰ্মূল কৰিব পৰা যাব। উক্ত দিনাৰ অনুষ্ঠানত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সত্যজিৎ পাল আৰু নুমলীগড় তেল শোধনাগাৰৰ ব্যৱস্থাপনা বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক হেমন্ত কুমাৰ নাথে  অংশগ্ৰহণ কৰে। 

উল্লেখযোগ্য যে বিশেষ উৎকৰ্ষ সাধন অনুষ্ঠানৰ লগত সংগতি ৰাখি গোলাঘাট পলিটেকনিকৰ বিভিন্ন ধৰণৰ সৃষ্টিশীল কামৰ বাবে গঠিত হোৱা কেনভাছ ক্লাবে কʼৰণা ভাইৰাছে সৃষ্টি কৰা প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বহু দিন ধৰি বন্ধ হৈ থকা প্ৰতিষ্ঠানখনৰ দৈনিক প্ৰাচীৰ পত্ৰিকা, 'টেকপালচ্' আৰু ধনাত্মক বাতৰিৰ বাবে ' দ্য  আপডেটাৰ' ৰ নতুন সংস্কৰণ উলিয়াই পুনৰবাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰি দিয়ে।

No comments