Breaking News

সেমেকা স্মৃতিৰ সুবাস দশম খণ্ড



মালবিকা শৰ্মা, ভুবনেশ্বৰ

সৰু চহৰখনত দুৰ্গা পূজাৰ ভিৰ। পূজা মণ্ডপবোৰৰপৰা চাৰিওপিনে মন্ত্ৰ আৰু ঢাকৰ শব্দ ভাহি আহিছে। ঘৰৰ আটাইবোৰে লগে ভাগে পুষ্পাঞ্জলী দিবলৈ ওলাই আহিছে। পুষ্পাঞ্জলী দি ঘুৰি অহাৰ সময়ত ৰাস্তাত ৰাধা আৰু জীয়েকৰ সৈতে মলয়ৰ দেখা হয়। ৰাধাৰ জীয়েকে আগবাঢ়ি আহি মলয়ক পূজাৰ সেৱা জনোৱাত মলয়ে দৌৰাদৌৰিকৈ পকেটৰপৰা ৫০০ টকা উলিয়াই জীয়েকৰ হাতত জোৰকৈ গুজি দিয়ে। কথা প্ৰসংগত ৰাধাই জনাই যে ববিতাৰ ইমান দিনৰ সপোন সাৰ্থক হ’ব ওলাইছে। অনাথ ছোৱালী এজনী জীয়েক হিচাবে তুলি ল’বলৈ ইমানদিনৰ ববিতাৰ ইচ্ছাটোক গিৰিয়েকে গুৰুত্ব দিয়া নাছিল যদিও অৱশেষত ইমান বছৰৰ মুৰত মান্তি হৈছে। সেয়ে চাৰি বছৰীয়া অনাথ ছোৱালী এজনীৰ খবৰ পাই ববিতাৰ সৈতে গিৰিয়েকো চাবলৈ আহিছে।

     ববিতাৰ বাবে মলয়ৰ মনটো ভাল লাগি গ’ল। মনেৰে দুৰ্গা দেৱীক প্ৰাৰ্থনা কৰিলে যাতে ববিতাৰ মনোকামনা পূৰ্ণ হয়। আবেলি ববিতাৰপৰা ফোনটো আহিল, ভীষন ফূৰ্তিত কথা কৈছে। আজিৰ দিনটো তাইৰ জীৱনৰ বাবে আটাইতকৈ সুখৰ দিন হেনো কিয়নো আজি তাইক মাতৃ সুখ দিবলৈ জীয়েক এজনী দেৱী মা’ই দিছে। মলয়ে ববিতাক অভিনন্দন জনালে আৰু তাইৰ বাবে আনন্দিত হোৱা বুলি ক’লে। ববিতাই পিছদিনা দুপৰীয়া মলয়ক ভাত খাবলৈ আহিবলৈ নিমন্ত্ৰন কৰিলে আৰু জনালে ৰাধাৰ পৰিয়ালকো খাবলৈ মতা বুলি। মলয়ৰ সন্মতি পাই তাই ফোনটো থলে।

      পিছদিনা দুপৰীয়া কথামতে মলয়ে বজাৰৰপৰা মিঠাই এক পেকেট কিনি লৈ ববিতাৰ মাকৰ ঘৰ পালেহি। ৰাধা আৰু জীয়েক আগতেই আহি পাইছে। ঘৰখনত এক আনন্দমুখৰ পৰিবেশ। ববিতাৰ মাকৰ কোলাত বহি থকা সৰু মৰমলগা ছোৱালীজনী দেখি মলয়ে আগবাঢ়ি গৈ মিঠাই পেকেট তাইৰ হাতত দিলে। আইতাকে মলয়ক দেখুৱাই তাইক ক’লে এইয়া মলয় মামা বুলি। ববিতাই পাগঘৰত ৰান্ধা-বঢ়ালৈ ব্যস্ত হৈ আছে যদিও তাৰ মাজে মাজে এপাক আহি কথাত ভাগ লৈছে, জীয়েককো আদৰ কৰি গৈছে।

     ইতিমধ্যে ভিতৰৰ ৰূমৰপৰা ববিতাৰ গিৰিয়েকো ওলাই আহিছে আৰু সিহতৰ লগত বহি এটা দুটা কথা কৈ আছে। আগৰবাৰ ৰাধাৰ ঘৰত লগ পাইছিল যদিও আজি কিছু সহজভাৱে তেওঁ কথা-বাৰ্তা কৰি আছে। হয়তো সৰু ছোৱালীজনীক জীয়েক হিচাপে গ্ৰহণ কৰি তেওঁৰ মনটোও আনন্দিত হৈ পৰিছে। কিছু দেৰী কথা পতাৰ পিছতে ববিতাই সকলোকে খাবলৈ মাতিলে।

(আগলৈ)


লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক -

https://www.facebook.com/malabika123

No comments