Breaking News

দীপাৱলীত ফটকা আৰু আটচবাজীৰ বিক্ৰী সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি


ডিজিটেল সংবাদ,গোলাঘাটঃ দীপাৱলী উপলক্ষে আজিৰে পৰা ৫ নৱেম্বৰলৈ গোলাঘাট আৰু দেৰগাঁও পৌৰ সভা এলেকাত ফটকা আৰু আটচবাজীৰ বিক্ৰীৰ ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি ফটকা আৰু আটচবাজী বিক্ৰীৰ অনুজ্ঞা লাভ কৰা বিক্রেতাই ইয়াৰ সৈতে জড়িত সুৰক্ষাৰ দিশসমূহ সুনিশ্চিত কৰিব লাগিব। লগতে শ্বৰ্ট-চাৰ্কিটৰ দৰে সম্ভাব্য বৈদ্যুতিক বিজুতিৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 

জিলা প্ৰশাসন আৰু আৰক্ষীক ফটকা আৰু আটচবাজীৰ পৰিবহন আৰু মজুতকৰণ সন্দৰ্ভত বিক্রেতাই অৱগত কৰিব লাগিব । পদপথ, পেট্ৰল পাম্প, ৰন্ধন গেছৰ ছিলিণ্ডাৰ মজুত ৰখা ষ্ট'ৰ বা স্থানৰ সমীপৰ জনসমাগম হোৱা ঠাই আদিত ফটকা আৰু আটচবাজী(উচ্চ প্রাৱল্যৰ বোমা, ৰকেট আদি) মজুতকৰণ আৰু বিক্ৰী কৰিব নোৱাৰিব । অনুজ্ঞাপ্ৰাপকসকলক সৰু ফটকা আৰু আটচবাজীহে বিক্ৰীৰ অনুমতি দিয়া হৈছে । 

দণ্ডাধীশ আৰু আৰক্ষীৰ লোকে ফটকা আৰু আটচবাজীৰ বিক্ৰী কেন্দ্ৰ আৰু মজুতকৰণৰ স্থান যিকোনো সময়তে প্ৰয়োজন অনুসৰি পৰিদৰ্শন কৰিব পাৰিব । অনুজ্ঞা লাভ কৰা ব্যৱসায়ীয়ে গোলাঘাটৰ পৌৰ বজাৰ কম্প্লেক্স নং-০১, গোলাঘাট নগৰৰ মেইন ৰোড (ধোদৰ আলী) আৰু দেৰগাঁও পৌৰ এলেকাতহে ফটকা আৰু আটচবাজী বিক্ৰী কৰিব পাৰিব । জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে ।

No comments