Breaking News

সমাজকৰ্মী, প্ৰবীন অভিনেতা ব্ৰজেন কুমাৰ দত্তৰ পৰলোক


কুমুদ বৰা, দেৰগাঁওঃ দেৰগাঁৱৰ জেলেহুৱা গাঁৱৰ নিবাসী সমাজকৰ্মী, প্ৰবীন অভিনেতা ব্ৰজেন কুমাৰ দত্তৰ বৃহস্পতিবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হৈ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। সুদীৰ্ঘ দিন বৃহত্তৰ জেলেহুৱা গাঁও পৰিচালনা সমিতিৰ দায়িত্ব ভাৰ সুচাৰুৰূপে পৰিচালনা কৰি অহাৰ লগতে অঞ্চলটোৰ জোনাকী মইনা পাৰিজাত, অগ্ৰগামী যুৱ সমাজ আদি বিভিন্ন দল সংগঠনৰ লগত জড়িত হৈ সক্ৰিয় ভাৱে কাম কৰি ৰাইজৰ প্ৰিয়ভাজন হোৱা ব্যক্তি জনৰ অকাল মৃত্যুত ম্ৰীয়মান হৈ পৰিছে গাঁওবাসী। 

প্ৰাপ্ত বয়স্ক শিক্ষাৰ প্ৰকল্প বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰি সমাজৰ কাম কাজত ব্যস্ত হৈ পৰা সৰবৰহী ব্যক্তি জনৰ নশ্বৰ দেহ পুৱা বাসগৃহৰ পৰা জেলেহুৱা নামঘৰৰ প্ৰাংগণলৈ  লৈ গৈ অনেক শুভাকাংক্ষীৰ উপস্থিতিত ৰাজহুৱা ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।সমাজৰ বিভিন্ন কাম কাজৰ মাজতে কবিতা, প্ৰবন্ধ আদি সাহিত্য চৰ্চাৰ মাধ্যমেৰেও অৱদান আগবঢ়োৱা ব্যক্তি জন এজন সু বক্তা আৰু অভিনেতা হিচাপেও ৰাইজৰ মাজত পৰিচিত। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ আৰু এগৰাকী জীয়াৰী লগতে বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।

No comments