Breaking News

বিশিষ্ট সাংবাদিক চামছুল হুছেইনৰ দেহাৱসান


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা গোলাঘাট সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত এগৰাকী ব্যক্তি চামছুল হুছেইনৰ  আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোক প্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৫ বছৰ ।

১৯৪৬ চনত ফৰকাটিঙত জন্মগ্ৰহণ কৰা চামচুল হুছেইনে মিলিটেৰী ইঞ্জিনিয়াৰিং চাৰ্ভিছ বিভাগত কৰ্ম জীৱন অতিবাহিত কৰাৰ পাছত তেওঁ ২০০৬ চনত অৱসৰ গ্ৰহণ কৰিছিল । অৱসৰৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ লগত জড়িত হৈ সংবাদ সেৱা আগবঢ়াই গৈছিল । অন্যহাতে তেওঁ উজনি অসম মুছলিম কল্যাণ পৰিষদকে ধৰি গোলাঘাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পৰিছিল । 

দীৰ্ঘদিন ধৰি হৃদৰোগত ভোগা চামচুল হুছেইনে এগৰাকী কন্যা আৰু পত্নীক ইহঁসংসাৰত এৰি থৈ গৈছে । প্ৰবীণ সাংবাদিক গৰাকীৰ মৃত্যুত জননী লাইভেও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ ।

No comments