Breaking News

বৰপথাৰত প্ৰশাসনে ছীল কৰিলে আটচবাজিৰ গুদাম


মাধুর্য কোঁৱৰ,ধনশিৰিঃ গোলাঘাট জিলাৰ  বৰপথাৰত প্ৰশাসনে ফটকাৰ গুদাম ছীল কৰাৰ লগতে জব্দ কৰে প্ৰায় কোটি  টকাৰ আতচবাজি। দেৱালী উপলক্ষে  প্ৰদূষণ নিয়ন্ত্রণ বিভাগৰ লগতে স্থানীয় প্ৰশাসনে আতচবাজি বিক্ৰী, মজুতকৰণ  আৰু ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰভাৱে  বহু নীতি নিৰ্দেশনা জাৰি কৰিছিল। সেই অনুসৰি বৰপথাৰ নগৰৰ একাংশ ব্যৱসায়ীক ফটকা বিক্ৰীৰ বাবে অনুমতি দিছিল ধনশিৰি মহকুমা প্ৰশাসনে। প্ৰশাসনৰ অনুমতি লাভ কৰা বৰপথাৰৰ একাংশ ব্যৱসায়ীয়ে প্ৰদূষণ নিয়ন্ত্রণ বৰ্ডৰ কঠোৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই গ্ৰীণক্ৰেকাৰ পৰিপন্থী অতি উচ্চ প্ৰাবল্যৰ আতচবাজি বিক্ৰী কৰিছিল।  


ধনশিৰি মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰাঞ্জিল গগৈ, মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু বৰপথাৰ  আৰক্ষীৰ সহযোগত চলোৱা  এক অভিযানত পোহৰলৈ আহে ব্যৱসায়ী সকলৰ মিথ্যাচাৰ। এই অভিযানত বৰপথাৰ নগৰৰ অনুপ খেতান নামৰ ব্যৱসায়ী জনৰ  দোকানত অভিযান চলাই পিছফালে থকা এটা গুদামৰ পৰা বে-আইনী ভাবে মজুত ৰখা প্ৰায় কোটি টকা মূল্যৰ অতি উচ্চ প্ৰাবল্যৰ আতচবাজি জব্দ কৰে আৰু গুদামটো ছীল কৰি দিয়ে। লগতে মহকুমা প্ৰশাসনে অনুপ খেতান নামৰ ব্যৱসায়ী জনক কম প্ৰাবল্যৰ আটছবাজী বিক্ৰী কৰিবৰ বাবে দিয়া অনুজ্ঞাপত্ৰও বাতিল কৰে। 

তাৰোপৰি প্ৰশাসনৰ দলটোৱে বৰপথাৰ নগৰৰ বিভিন্ন স্থানত অভিযান চলাই বহু পৰিমাণৰ উচ্চ প্ৰাবল্যৰ আতচবাজী জব্দ কৰাৰ লগতে আৰু পাল এণ্ড ছনছ নামৰ কাপোৰৰ দোকানীজনৰো আতচবাজি বিক্ৰীৰ বাবে প্ৰশাসনে দিয়া  অনুজ্ঞাপত্ৰও নাকচ কৰে। উল্লেখ্য যে,খুচুৰা ব্যৱসায়ীক ফটকাৰ যোগান ধৰা বৰপথাৰ নগৰৰ অনুপ খেটান নামৰ বিতৰ্কিত ব্যৱসায়ী জনে বহু বছৰৰ পৰা প্ৰশাসনৰ চকুত ধুলি দি চলাই আহিছিল  ফটকাৰ অবৈধ ব্যৱসায়। এই ব্যবসায়ী জনে ধনশিৰি মহকুমাৰ  লগতে মহকুমাটোৰ বাহিৰৰ বিভিন্ন অঞ্চলৰ খুচুৰা ব্যৱসায়ী সকলকো ফটকাৰ যোগান ধৰি আহিছিল।

No comments