Breaking News

টীয়কত ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যুবার্ষিকী পালন


অজয় দত্ত,টীয়কঃসদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে যোৰহাটৰ অম্ৰাৱতী বৃদ্ধাশ্ৰমত পালন কৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যুবাৰ্ষিকী।  জিলা সমিতিৰ সম্পাদক পৰাগ জ্যোতী দত্তই আঁতধৰা অনুষ্ঠানটোত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি    প্ৰজ্বলন কৰে শ্ৰী শ্ৰী এলেঙী লেটুগ্ৰাম বৰ সত্ৰৰ সত্ৰাধিকাৰ তথা অম্ৰাৱতী বৃদ্ধা আশ্ৰমৰ ভূমি দাতা পৰিয়ালৰ গোপাল মহন্তই।


পুষ্পাঞ্জলি অৰ্পন কৰে জিলা সমিতিৰ সভাপতি চন্দ্ৰ কমল শইকীয়াই,গছ পুলি ৰোপন কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ বৰাই। আশ্ৰমত থকা  বয়োজ্যেষ্ঠ বৃদ্ধসকলক শীত কাপোৰ বিতৰন কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে জিলা সমিতিখনে।দিনজোৰা কাৰ্যসূচীত ড০ ভূপেন হাজৰিকাৰ নৃত্য গীতেৰে অনুষ্ঠানৰ সামৰণি কৰে।

No comments