Breaking News

বৰমাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিক পালন


প্ৰাঞ্জল বেজবৰুৱা,নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰমা আঞ্চলিক সমিতিৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিক পালন কৰাৰ লগতে দুখনকৈ গ্ৰন্থ উন্মোচন কৰে।কাৰ্যসূচী অনুসৰি পুৱা  বন্তি প্ৰজ্বলন কৰে বৰমা মহাবিদ্যালয়ৰ অধ্যাপক সঞ্জয় বড়োৱে,  ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰমা আঞ্চলিক সমিতিৰ সভাপতি বাবুল হুছেইনে। 


ইয়াৰ পাছতে গ্ৰন্থ উন্মোচনী সভা অনুস্থিত হয়। সভাত কাব্যগ্ৰন্থ "Floral Dreams"উন্মোচন কৰে  মেদাঘাট হাইস্কুলৰ বিষয় শিক্ষক বিজয় চৌধুৰীয়ে৷  অন্য এখন গ্ৰন্থ “সাধু শুনো আহা" উন্মোচন কৰে সৰুপেটা বি.এইচ.বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড° ফনীধৰ তালুকদাৰে। ড° ভূপেন হাজৰিকাৰ সোৱৰণত গীত পৰিবেশন কৰা হয় ৷ অনুষ্ঠানটোত বৰমাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

No comments