Breaking News

যাত্রাৰ শেষত (৯)



    ✍পৰিমিতা গোস্বামী 


     মৃত্যুৰ পিছত ভোকে লঘোনে থাকি, তিতা তিয়নিৰে পিণ্ড দিলে মৃতকে পিণ্ড  পায় নে নাপায় সেই কথা অংশুৱে বুজি নাপায় । কিন্তু সি তাৰ মাকৰ আত্মাৰ শান্তিৰ বাবে যিয়েই যি কৈছে তাক আখৰে আখৰে পালন কৰি গৈছে । সেয়া কৰিয়েই সি মানসিক তৃপ্তি পাইছে। মাকৰ প্ৰতি তাৰ অগাধ মৰম আৰু ভালপোৱা আছে । সি মনত পৰাৰে পৰা দেখি আহিছে মাকে তাক অশেষ  কষ্ট কৰি ডাঙৰ কৰিছে । পিতৃহীন হোৱাৰে পৰা মাক-দেউতাক দুয়োৰে দায়িত্ব পালন কৰি তাক ডাঙৰ কৰিছে । কোনোদিন তাক দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই। মনতে এটা আশা পোহি ৰাখিছিল , ডাঙৰ হৈ মাকক সি যিমান পাৰে সিমান সুখ আৰু শান্তিত ৰাখিব । তাৰ সেই আশা বাস্তৱত ৰূপায়িত নহ'ল । মাকে তাৰ আশা পূৰণ হ'বলৈ সুযোগেই নিদিলে ।এতিয়া মাকৰ শান্তিৰ বাবে কৰিব লগীয়া সকলো কাম বিনা দ্বিধাই কৰি যাব । তাৰ বাবে যিমানেই কষ্ট নহওক তাৰ। মানসিকভাৱে প্ৰস্তুতেই নহয় সংকল্পৱদ্ধও। 

     নিকিতাই বেগৰ পৰা বুট-মগু আৰু ফল-মূলৰ টোপোলাটো উলিয়াই পাকঘৰলৈকে লৈ গ'ল। মগুৰ টোপোলাটো খুলি মগু কেইটামান তিয়াই দিলে। ওপঙি অহা বাকলি আৰু কুটা-কুটালিবোৰ কাতি কৰি পেলাই দিলে। " পিণ্ড দি অহাৰ পাছত অংশুক মগু কেইটামান খাবলৈ দিব লাগিব" তাই মনতে ভাৱিলে । মানুহে কয় ব্ৰাহ্মণৰ ঘৰত মানুহ মৰিলে মৰাটোৰ লগতে জীয়াটোৱেও যমৰ যন্ত্ৰণা পায়। চাৰি দিনলৈকে নৈত জোবোৰা মাৰি পানী এচলু খোৱাৰ বাহিৰে পানী এটোপাও খাব নাপায় । বৰ্তমান এই নিয়মবোৰ নিয়ম হৈয়ে আছে । তাৰ মাজত কিছু শিথিলতাৰ সূচনা হৈছে। বয়স বিশেষে , স্বাস্থ্য বিশেষে শিথিলতাবোৰ ম‍নি ল'বলৈ বাধ্য হৈছে। অংশুৰ ক্ষেত্রটো নিয়মবোৰ জটিল কৰি নাৰাখিল। ল'ৰাটোৰ স্বাস্থ্যৰ বাবেই । কালিৰ দিনৰ ভাতেৰেই সি এতিয়ালৈকে আছে । আৰু দুদিন যদি তাক ব্ৰতেৰে ৰখা হয় সি জানো মাকৰ বৈদিক কৰ্মবোৰ ( প্ৰেতাদিকৰ্ম) কৰিব পাৰিব ! নিকিতাই মনতে সিদ্ধান্ত ল'লে। আজিৰ পিণ্ডৰ কাম শেষ হোৱাৰ পাছত পুৰোহিতৰ অনুমতি লৈ অংশুক ফল-মূল আৰু মগু কেইটামান খাবলৈ দিব লাগিব । তাৰবাবে তাই ফল-মূল কেইটাও ধুই পখালি কাটি ল'লে । ইতিমধ্যে নিকিতাৰ মাকো প্ৰাতঃকৰ্ম কৰি গা-ধুই ভিতৰ সোমাই আহিল। মাকেও কালিৰে পৰা একো এটাকে মুখত দিয়া নাই । ইমান বয়সীয়াল মানুহ গৰাকীক লঘোনে ৰাখিব পাৰি জানো। দুখ-বেজাৰে মনত , দেহত যথেষ্ট প্ৰভাৱ পেলাইছে। তাতে যদি সুদা পেটেৰে থাকে , তেনেহ'লে আৰু অসুবিধা হ'ব । মাককো কিবা এটা খুওৱাৰ কথা ভাৱিলে।
 
     সময় তেতিয়া  দিনৰ এঘাৰ বাজিছে । অংশু পুৰোহিতজনৰ সৈতে   পিণ্ডৰ কাম শেষ কৰি গা-ধুই তিতা তিয়নিৰে ঘৰ পালেহি।নিকিতাই অংশুক তিয়নিখন সলাবলৈ দি ভিতৰলৈ সোমাই আহিবলৈ কৈ পুৰোহিতজনক ভিতৰত বহিবলৈ মাতিলে । কেঁচা চুৱা । আজি দুদিন হৈছেহে। সেয়ে তেখেতে ভিতৰ সোমাবলৈকে মন কৰা নাই। নিকিতাই বহুত কোৱাৰ মূৰত আগফালৰ বাৰাণ্ডাতে বহিবলৈ মান্তি হ'ল। তাই বহা ঠাইতে পানী এগিলাচৰ সৈতে কল এটা , আপেল দুচকল সজাই 
দিলেগৈ । আপেল এচকল হাততলৈ পানীৰ গিলাচটোত ঢোক মাৰিলে। পানীত চুৱা নাথাকে বাবে নিঃসংকোচে  ঢোক মাৰিলে। অংশুক মগু আৰু কেঁচা ফল-মূল দিব পাৰিবনে?  পুৰোহিতৰ পৰা অনুমতি বিচাৰিলে। পুৰোহিতে একেআষাৰে পাৰিব বুলি সন্মতি দিলে। আত্মাতুষ্টি জগততুষ্টি । দেহা থাকিলেহে বেহা । দেহাটো ঠিকে থাকিলেহে মাকৰ প্ৰেত-কৰ্ম সুকলমে কৰিব পাৰিব । অগৰ দিন নাই । আজিকালি ভেজাল বস্তুৰ দিন । মানুহৰ ৰোগ ব্যাধি অনেক । ফল-মূল পানী খায়েই ব্ৰত কৰিব লাগিব। গাটোত ৰস অকণ থাকিলেহে চলা-ফুৰা কৰি কামবোৰ কৰিব পাৰিব । পুৰোহিতৰ কথাখিনিয়ে নিকিতাৰ মনত সকাহ দিলে । জেষ্ঠজনৰ অনুমতি অবিহনে নাপায় বুলি কোৱা কাম এটা কৰিবলৈ মনত শংকা আৰু সংকোচ লাগি থাকে । তেখেতৰ অনুমতিয়ে মনৰ সকলো শংকা দূৰ কৰিলে। 

        নিকিতাই অংশু আৰু মাকক ভিতৰলৈ মাতি নিলে । কালিৰে পৰা মাকেও একো এটাকে মুখত দিয়া নাই । বয়সে গৰকা মানুহ তাতে অসুখীয়াও। দুখ-বেজাৰ বুলি নোখোৱাকৈ থাকিলে  আৰু অসুখতহে পৰিব । এইবোৰ কথা ভাবিয়েই নিকিয়ে মাকৰ বাবেও কিবা অকণমান খোৱাৰ দিহা কৰিলে । আমাৰ সমাজত নীতি-নিয়মেৰে যিমান বন্ধা থাকিলেও তাৰ মাজত বহুত শিথিল সুৰুঙা থাকে । মৃতকতকৈ যদি মানে বা বয়সে ডাঙৰ হয় । তেনে জেষ্ঠসকলৰ ব্ৰত নাথাকে। সকলো খাব পাৰে । মাকৰো ব্ৰত নাই । হাজাৰ দুখ থাকিলেও ব্ৰত নাথাকে । নিকিতাই অংশুৰ লগতে মাককো খাবলৈ দিলে । অংশুক মগু আৰু ফল-মূল , মাকক চাহ আৰু সামান্য কিবা কিবি । 

       পুৰোহিতজনে সেই দিনাৰ কাম শেষ কৰি যাবলৈ ওলাল । আগফালৰ দুৱাৰ মুখত ৰৈ ভিতৰফালে মুখ কৰি নিকিতাহঁতক উদ্দেশ্যি মাত লগালে।
:: মই যাওঁ বুজিছা।
নিকিতা ভিতৰৰ পৰা খৰধৰকৈ ওলায় আহিল । 
:: আপুনি যাবলৈ ওলালেই নেকি ?
:: হয় মই যাওঁ । এটা কথা কৈ যাওঁ।
:: কওকোন । নিকিতাই পুৰোহিতজনৰ কথাটো আগ্ৰহেৰে শুনিলে ।
:: কালিলৈৰ বাদে পৰহিলৈ চতুৰ্থা হ'ল । চতুৰ্থাৰ বাবে বস্তু কেইটামান দৰকাৰ হ'ব । বজাৰ-সমাৰ কৰিব পৰা মানুহ বিচাৰি বস্তুকেইটা গোটাই থবা । তোমাৰ বাহিৰে এইবোৰ কথা পাতিব পৰা মানুহেই দেখা নাই । গতিকে তোমাকে ক'লো।
:: হ' ব বাৰু । মই ব্যৱস্থা কৰিম । আমাৰ দাদাহঁত আছে নহয় । তেওঁলোকৰ হতুৱাই কামবোৰ কৰাব লাগিব ।  কি কি লাগিব বস্তুখিনিৰ লিষ্ট এখন দিব । মই অনাই থ'ম। আপুনি কালিলৈ আহিব নহয় ?
:: হয় আহিম । 
:: তেতিয়াহ'লে কালিলৈকে লিষ্টখন দি দিব।
:: হ'ব বাৰু কালিলৈকে দিম লিষ্টখন । আজিলৈ মই যাওঁ।
 নিকিতাৰ লগতে অংশু আৰু মাকক মাত লগাই পুৰোহিতজন গ'লগৈ ।
        ( আগলৈ )

No comments