Breaking News

গোলাঘাটত ‘গণকবি অশোক দাসৰ সোঁৱৰণ আৰু আমি’ শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন


ডিজিটেল সংবাদ,গোলাঘাটঃগণ কবি অশোক দাসৰ ইহলীলা সম্বৰণৰ ছমাহ পূৰ্তি উপলক্ষত গণকবিগৰাকীক স্মৰণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে ‘গণকবি অশোক দাসৰ সোঁৱৰণ আৰু আমি’ শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 

অহা ২১ নবেম্বৰৰ দিনৰ ১ বজাত গোলাঘাট নামবৰ গেষ্ট হাউচৰ সভাকক্ষত গণকণ্ঠ সাহিত্য গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে গণকবিগৰাকীৰ গল্প সংকলন ‘ধলফাট’ উন্মোচন কৰা হ’ব। সৰস্বতী প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গণকবিৰ গল্প সংকলন 'ধলফাট'ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰিব বিশিষ্ট পৰিৱেশ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে।

ইয়াৰোপৰি অনুষ্ঠানত গণ কবি বিৰচিত গীত আৰু কবিতাৰ অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তা গণকণ্ঠ সাহিত্য গোষ্ঠীৰ তৰফৰ পৰা জানিবলৈ দিছে। 


No comments