Breaking News

সেমেকা স্মৃতিৰ সুবাস (১৩ খণ্ড)



                         মালবিকা শৰ্মা, ভুবনেশ্বৰ

এই কেইদিন মলয়ৰ অফিচত বহুত কাম। আগৰ চিনাকী অফিচাৰজনে অৱসৰ ললে, এতিয়া নতুন এজন আহিছে। ব্যৱহাৰ পাতি ভালেই অৱশ্যে, বেয়া নহয়। ইমান কামৰ মাজত ববিতাৰ জীয়েকৰ জন্মদিনৰ বাবে কেনেকৈ এদিন চুটি বিচাৰিব, মলয় চিন্তাত পৰিল। তথাপিও সাহস গোটাই মলয়ে এটা দিনৰ বাবে চুটি বিচাৰিলে। অফিচাৰজনক ৰৈ যোৱা কামখিনি ৰবিবাৰে আহি শেষ কৰিম বুলি কোৱাত তেওঁ সন্মতি জনালে। সিদিনা সন্ধিয়া ঘৰত অহাৰ সময়ত বজাৰত সোমাই ববিতাৰ জীয়েকৰ কাৰনে ধুনীয়া স্কুল বেগ আৰু পানী খোৱা বটল এটা কিনি লৈ আহিল।

      পিছদিনা নিৰ্দিষ্ট সময়ত ৰাওনা দিলে মলয়ে ববিতা থকা টাউনখনলৈ। দুপৰীয়া ভাত খোৱাৰ সময়চোৱাতে ববিতাৰ ঘৰত আহি উপস্থিত হোৱাত ববিতাই মলয়ক দেখি আনন্দতে চিঞৰ বাখৰ আৰম্ভ কৰিলে। ববিতাৰ গিৰিয়েকেও হাঁহিমুখে মলয়ক ভিতৰলৈ নি আলহী ঘৰটো দেখুৱাই হাত-মুখ ধুই উঠিবলৈ কৈ গ’ল। মলয়ে কাপোৰ সলাই সাজু হোৱাৰ পাছত ববিতাই আহি বাহিৰলৈ মাতি নিলে। প্ৰকাণ্ড দুই মহলীয়া ঘৰ, মানুহো বহুত। খোৱাৰ টেবুলত বহাৰ আগতে মলয়ে লৈ যোৱা উপহাৰটো ববিতাৰ জীয়েকৰ হাতত দিলে। উপহাৰটো হাতত লৈ কণমানি বাৰ্বীয়ে মলয়ক মাকে শিকাই দিয়াৰ দৰে ঠেংক ইউ মামা বুলি কৈ মৰমলগা হাঁহি এটা মাৰিলে।

    ইতিমধ্যে ৰাধাও আহি পাইছে। মেডিকেলৰ ক্লাচ চলি থকা বাবে মীৰা আহিব নোৱাৰিলে হেনো। অচিনাকী মানুহখিনি দেখি মলয়ে কিছু অপ্ৰস্তুতবোধ কৰি আছিল। ৰাধা আৰু ববিতাৰ মাকক দেখি কিছু সহজ হৈ আহিল। খোৱাৰ টেবুলত খোৱা-বোৱাৰ সাংঘাটিক আয়োজন, খোৱা বস্তুৰ মলমলীয়া গোন্ধৰে ৰুমটো ভৰি গৈছে। চাৰি পাচগৰাকী মহিলাই মিলি সকলোকে সুস্বাদু খাদ্য পৰিবেশন কৰিলে। ইমানবোৰ খাই সকলোৰে লৰিব নোৱাৰা অৱস্থা হৈছে, মলয়ো তাৰ ব্যতিক্ৰম নহয়। দুই এষাৰ সৌজন্যসূচক কথা পাতি সকলোৱে নিজৰ নিজৰ মতে জিৰনী লোৱাত মলয়ো নিৰ্দিষ্ট ৰুমত গৈ কিছু সময়ৰ বাবে জিৰনী ললে।

      আৰাম কৰি থাকোতে কেতিয়া যে শুই পৰিছিল মলয়ে গমে নাপায়। দুৱাৰত টোকৰ মৰা শুনি মলয়ে সাৰ পাই দেখিলে কাম কৰা মানুহ এজনে চাহ লৈ ভিতৰলৈ সোমাই আহিছে। চাহ কাপ দি মানুহজনে মলয়ক সন্ধিয়াৰ বাবে সাজু হ’বলৈ কৈ গ’ল। চাহ খাই লাহে লাহে সাজু হৈ মলয় বাহিৰলৈ ওলাই আহি দেখিলে বাহিৰৰ বহা ৰুমটো বৰ ধুনীয়াকৈ সজোৱা হৈছে, চাৰিওপিনে বেলুন, লাইটৰ চিকমিক, মৃদু সঙ্গীতৰ শব্দ আৰু লগতে ৰুমৰ মাজত টেবুলত সজাই থোৱা প্ৰকাণ্ড জন্মদিনৰ কেকটো। ববিতাৰ জীয়েকে বৰ সুন্দৰ এযোৰ কাপোৰ পিন্ধি লগৰীয়া কেইটামানৰ সৈতে দৌৰা-দৌৰি কৰি আছে। এটা সময়ত সকলোবোৰ অতিথি আহি গোট খোৱাত হাত তালি আৰু জন্মদিনৰ শুভেচ্ছাৰ মাজেৰে কণমানি বাৰ্বীয়ে জন্মদিনৰ কেকটো কাটিলে। তাৰ পিছতে আকৌ দুপৰীয়াৰ দৰেই বিশাল খোৱা-বোৱাৰ আয়োজন। 

(আগলৈ)


লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক-https://www.facebook.com/malabika123

No comments