Breaking News

মৃত্যু হোৱা নাই ৰোৱান চেবাষ্টিয়ান এটকিঞ্চন ওৰফে "মিষ্টাৰ বিন"ৰ::সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ।


ডিজিটেল ডেস্কঃ মৃত্যু হোৱা নাই জনপ্ৰিয় অভিনেতা, "মিষ্টাৰ বিন"ৰূপে পৰিচিত আন্তঃৰাষ্ট্ৰীয় কমেডিয়ান ৰোৱান চেবাষ্টিয়ান এটকিঞ্চনৰ।সামাজিক মাধ্যমত একাংশ লোকে অভিনেতাজনৰ মৃত্যু হোৱা বুলি ভুৱা প্ৰচাৰ চলাইছে।মিষ্টাৰ বিন নামৰ জনপ্ৰিয় কমেডি শ্ব'ৰ মূল নায়ক,সকলোৰে প্ৰিয় অভিনেতা গৰাকীৰ জন্ম হৈছিল ১৯৫৯ চনৰ ৬ জানুৱাৰীত।তেখেতৰ জন্মস্থান আছিল ইংলেণ্ডৰ কনচেট চহৰ।US telecaster Fox News ৰ এটা ভুৱা টুইটাৰ একাউণ্টযোগে প্ৰথমবাৰৰ বাবে অভিনেতা ৰোৱান এটকিঞ্চনৰ মৃত্যু হোৱা বুলি চলোৱা হৈছিল এই ভুৱা প্ৰচাৰ। 

যোৱা ২২ নৱেম্বৰত এক পথ দুৰ্ঘটনাত পতিত হৈ অভিনেতাগৰাকীৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল সেই টুইটাৰ একাউণ্টৰ গৰাকীয়ে। অন্যহাতে,একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে অভিনেতাগৰাকীৰ ২০১৭ চনতেই মৃত্যু হোৱা বুলি দাবী কৰিছিল।তেওঁলোকৰ মতে ২০১৭ চনৰ ১৮ মাৰ্চতেই ৫৮ বছৰ বয়সত অভিনেতাগৰাকীৰ মৃত্যু হৈছিল।যি বাতৰি সম্পূৰ্ণৰূপে ভুৱা,কিয়নো ২০১৭ চনত তেওঁৰ বসয় আছিল ৬২ বছৰ।

এই বাতৰিটো সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱাৰ পাছতেই সমগ্ৰ বিশ্বজুৰি লাগিছিল হাহাকাৰ।অভিনেতাগৰাকীৰ অনুৰাগীৰ মাজতো সৃষ্টি হৈছিল একপ্ৰকাৰ চাঞ্চল্য।পিছে,সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই বিশ্বৰ কেইবাটাও আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দিছে স্পষ্টীকৰণ।মৃত্যু হোৱা নাই সকলোৰে প্ৰিয় কমেডিয়ান ৰোৱান চেবাষ্টিয়ান এটকিঞ্চন ওৰফে "মিষ্টাৰ বিন"ৰ।

No comments