Breaking News

ঐতিহাসিক কটনত নতুন পি এইচ ডি ডিগ্ৰীৰে নতুন ইতিহাস




কটন বিশ্ববিদ্যালয়ৰ প্ৰথম ডক্টৰেট ডিগ্ৰীধাৰী হিচাপে মাজুলীলৈ গৌৰৱ কঢ়িয়ালে যুৱলেখক উৎপল নাৰায়ণ গোস্বামীয়ে। 


দেৰগাঁৱৰ পৰা কুমুদ বৰাঃঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ সোণালী ইতিহাসত নাম লিখা ৰ'ল মাজুলীৰ গৌৰৱ এগৰাকী সম্ভাৱনাপূৰ্ণ গৱেষক,যুৱলেখক উৎপল নাৰায়ণ গোস্বামীৰ নাম।অসমৰ প্ৰথম উচ্চশিক্ষাৰ অনুষ্ঠান কটন কলেজ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ  পিছত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল পি এইচ ডি পাঠ্যক্ৰম। মেধা আৰু প্ৰতিভাৰ সমাহাৰ ঘটা এই বিশ্ববিদ্যালয় খনে গৱেষণাৰ পাঠ্যক্ৰম আৰম্ভ কৰি অন্য এক বৌদ্ধিক পৰিৱেশৰ সূচনা কৰিলে। ২০১৭ চনৰ পৰা আৰম্ভ হোৱা এই পি এই ডি পাঠ্যক্ৰমৰ প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰে মাজুলীৰ আহঁতগুৰিৰ সন্তান উৎপল নাৰায়ণ গোস্বামীয়ে। আন দুগৰাকী ক্ৰমে নয়ন গোস্বামী আৰু শিল্পীশিখা গোস্বামীয়েও এই খ্যাতি লাভ কৰিছে। প্ৰথমবাৰৰ বাবে অসমীয়া,নৃতত্ব আৰু গণিত বিভাগে কটনলৈ এই গৌৰৱ কঢ়িয়াই আনিছে। কটনৰ ইতিহাসত সোণালী আখৰেৰে নাম ৰাখিলে  মাজুলীৰ যুৱকজনে। মাজুলীৰ সাংস্কৃতিক গৌৰৱ তথা আহঁতগুৰি বৰসত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ ভোৱন নাৰায়ণ দেৱগোস্বামী আৰু পূণ্য প্ৰভা গোস্বামীৰ পুত্ৰ উৎপল নাৰায়ণ গোস্বামীৰ এই খ্যাতিত সমগ্ৰ মাজুলীবাসী উৎফুল্লিত হৈ পৰিছে। বিশেষকৈ মাজুলীৰ মূল ভূ খণ্ডৰ পৰা বিচ্ছিন্ন দক্ষিণ মাজুলীৰ অতি পিছপৰা অঞ্চল আহঁতগুৰিৰ শিকলী চাপৰিৰ দৰে ঠাইৰ পৰা ওলাই গৈ এজন ছাত্ৰই কটনৰ দৰে এখন ঐতিহাসিক শিক্ষানুষ্ঠানৰ ইতিহাসত প্ৰথম ডক্টৰেট ডিগ্ৰীধাৰী হিচাপে নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱাতো সমগ্ৰ মাজুলীৰ বাবেই অত্যন্ত গৌৰৱৰ বিষয়। সত্ৰীয়া সংগীতৰ এজন গৱেষক হিচাপে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰা গোস্বামীয়ে Festivals Celebrated in the Kalsamhati Satras of Assam :An Analytical study "অসমৰ কালসংহতিৰ সত্ৰ সমূহত উদ্‌যাপিত উৎসৱ পাৰ্ৱণ: এক বিশ্লেষনাত্মক অধ্যয়ন" শীৰ্ষক বিষয়ত  কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° কাকলি গগৈৰ তত্ত্বাৱধানত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। লেখক হিচাপেও গোস্বামীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে নাট্যসঁফুৰা,সত্ৰ সংস্কৃতিৰ ৰূপ-বৈচিত্ৰ্য আৰু  "মাজালি" নামেৰে এখন উপন্যাস। গোস্বামীৰ ধাৰাৱাহিক উপন্যাসখনে মাজুলীৰ ঐতিহাসিক আৰু বাস্তৱিক স্বৰূপ এটা প্ৰকাশ কৰিছে। মাজুলীৰ সৰুফাকুৱা প্ৰগতি এম ই স্কুল,আহঁতগুৰি হাইস্কুল, ইন্দ্ৰাণী দেৱী হায়াৰছেকেণ্ডাৰী স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি দেৰগাঁৱৰ ডিকেডি কলেজ, কটন কলেজ,গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে গোস্বামীয়ে। ২০১৭ চনত কটন বিশ্ববিদ্যালয়ত প্ৰথম বৰ্ষৰ ছাত্ৰ হিচাপে পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্তি কৰে। গোস্বামীয়ে সংগীত নাটক অকাডেমীকে আদি কৰি বিভিন্ন অনুষ্ঠানত সত্ৰীয়া সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ইতিমধ্যে বহুকেইখন আলোচনা চক্ৰত এই সম্পৰ্কে ভাষণো প্ৰদান কৰিছে। প্ৰাচীন সাঁচিপতীয়া পুথিৰ অধ্যয়ন,পাঠ সমীক্ষা আদিৰ দৰে গৱেষণামূলক কামত নিজকে নিয়োজিত কৰা গোস্বামী  কামৰূপৰ পূৱ বংশৰ কলেজৰ সহকাৰী অধ্যাপক ।  প্ৰচুৰ সম্ভাৱনাময়, প্ৰতিভাৱান যুৱলেখক উৎপল নাৰায়ণ গোস্বামীৰ এনে সুখ্যাতিয়ে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে কটন বিশ্ববিদ্যালয়লৈয়ো খ্যাতি কঢ়িয়াই আনিলে। উল্লেখৰ প্ৰয়োজন যে গোস্বামীয়েই হ'ল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ  অসমীয়া বিভাগৰ প্ৰথমজন ডক্টৰেট লাভ কৰা গৱেষক।কটন কলেজে প্ৰথম ১৯০৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ৰ অনুমোদন লাভ কৰিছিল। তাৰপিছত ১৯৪৩ চনত স্বতন্ত্ৰভাৱে অসমীয়া বিভাগ প্ৰতিষ্ঠা হয়। কটন কলেজৰ এই ঐতিহ্যমণ্ডিত বিভাগটোত বহু প্ৰাজ্ঞ ব্যক্তিয়ে অধ্যাপনা আৰু অধ্যয়ন কৰি গৈছে। উৎপল নাৰায়ণ গোস্বামী হ'ল এই ঐতিহ্যমণ্ডিত বিভাগটোৰ পৰা  ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন গৱেষক ছাত্ৰ। কটন বিশ্ববিদ্যালয়েও প্ৰথমবাৰৰ বাবে  তিনিজন গৱেষকক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰি শিক্ষানুষ্ঠানটোৰ লগতে অসমৰ শিক্ষাজগতত  নতুন এক অধ্যায়ৰ সূচনা  কৰিলে।

No comments