Breaking News

শিল্পী হিমেন দাসৰ নামত পথ নামাকৰণৰ বাবে প্ৰবীণ শিল্পী মঞ্চৰ স্মাৰক পত্র


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ অন্যতম তবলা বাদক আৰু সুনিপুন চিত্ৰশিল্পী হিমেন দাসৰ সোঁৱৰণক জীৱন্ত কৰি ৰখাৰ স্বাৰ্থত  গোলাঘাট পৌৰসভাৰ অন্তৰ্গত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথটো তথা গোলাঘাট শিশু ভৱন আৰু তৰণী সংঘৰ পথটো প্ৰয়াত শিল্পী হিমেন দাসৰ নামত নামাকৰণ কৰিবলৈ আজি গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক এখন স্মাৰক পত্র প্ৰদান কৰে প্ৰবীণ শিল্পী মঞ্চই। মঞ্চৰ সভানেত্ৰী ড০ লুকুমণি গোস্বামী আৰু সম্পাদিকা মঞ্জু বৰগোহাঁই স্বাক্ষৰিত স্মাৰক পত্ৰ খনত প্ৰয়াত শিল্পী হিমেন দাসৰ নামত উক্ত পথটো নামাকৰণ কৰিলে শিল্পী জনৰ প্ৰতি শ্ৰদ্ধা জনোৱা হ'ব বুলি উল্লেখ কৰে।  উল্লেখ্য যে আকস্মিক দুৰ্ঘটনাত পতিত হৈ ২০ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰিয় শিল্পী হিমেন দাসে।

No comments