Breaking News

পৰিত্যক্ত অৱস্থাত পাটসাঁকোৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱন


মৃত্যুঞ্জয় দাস,সোণাৰিঃ পৰিত্যক্ত অৱস্থাত পাটসাঁকোৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱন। ভূতবাংলালৈ পৰিণত এই পৰিদৰ্শন ভৱন।কৰ্মচাৰী থকা পৰিত্যক্ত গৃহত সুৰাৰ বটল।সৌন্দৰ্য্য,শুভাবৰ্দ্ধন আৰু সংৰক্ষণৰ অভাৱৰ বাবেই জহিখহি ভূত বাংলালৈ পৰিণত এটা অতিথিশালা।ভাৰত স্বাধীন হোৱাৰ পূৰ্বেই নিৰ্মাণ কৰা চৰাইদেউ জিলাৰ পাটসাঁকোৰ বৰভূঞা গাঁৱত স্থাপন হৈছিল এটা অতিথিশালা। এই অতিথিশালাটো অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱন।ইয়াৰ কাষতেই খন্দা হৈছিল এটা পুখুৰীও।কিন্তু সকলো যেন এতিয়া ধ্বংসৰ গৰাহত।পাটসাঁকোৰ অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ এই পৰিদৰ্শন ভৱনটি এতিয়া পৰিণত হৈছে ভূতবাংলালৈ, বছৰ বছৰ ধৰি উলমি আছে তলা।

ইয়াৰ সমান্তৰালকৈ এই পৰিদৰ্শন ভৱনটি নিৰ্মাণৰ সময়তেই কাষতে খন্দা হৈছিল এটা পুখুৰীও।পুখুৰীটো অৱস্থাও এতিয়া পৰিত্যক্ত।পুখুৰীৰ পাৰৰ কিছু অংশ কিছুমান অসেচতন ব্যক্তিয়ে খান্দি নিজৰ কাম সিদ্ধি কৰি আহিছে।ইয়াৰ উপৰিও পৰিদৰ্শন ভৱনটোৰ কৰ্মচাৰী থকা গৃহটোও পৰিণত হৈছে ভূত বাংলালৈ, অবৈধ কাৰ্য কলাপৰ ভূ স্বৰ্গলৈ পৰিণত হোৱাৰ লগতে পৰি আছে সুৰাৰ বটল। লগতে কেতবোৰ সামগ্ৰীৰ পেকেত আৰু উৱলি গৈছে বেৰসমূহ।সংৰক্ষণ আৰু শুভাবৰ্দ্ধনৰ ক্ষেত্ৰত স্থানীয় বিধায়ক,মন্ত্ৰী যোগেন মহন আৰু অসম চৰকাৰ বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি ভূতবাংলালৈ পৰিণত হৈছে পাটসাঁকোৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনৰ লগতে পুখুৰী,কৰ্মচাৰী থকা গৃহটিও।

No comments