Breaking News

সৰুপথাৰৰ ৰজাপুখুৰী গাঁও পঞ্চায়তত প্ৰকৃত দৰিদ্ৰ লোক পঞ্চায়তৰ আঁচনিৰ পৰা উপেক্ষিত হোৱাৰ অভিযোগ


মাধুৰ্য কোঁৱৰ,ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত প্ৰকৃত দৰিদ্র লোক পঞ্চায়তৰ আঁচনিৰ পৰা উপেক্ষিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। সৰুপথাৰস্থিত গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ অন্তর্গত ৰজাপুখুৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে এনে কাণ্ড। পঞ্চায়ত খনৰ কাৰ্যালয়ৰ গাতে লাগি থকা এটা পৰিয়ালে বহু আবেদন নিবেদন কৰিও আজিলৈকে এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম নহ'ল। সুদীৰ্ঘ দিন ধৰি এখন টিঙৰ চালিৰ তলতে অতি কষ্টৰে দিন অতিবাহিত কৰিছে লাকী মাল নামৰ মহিলা গৰাকীৰ পৰিয়ালটোৱে। বতাহ বৰষুণ আহিলে চালি খন ভাগি পৰাৰ আশংকাত আনৰ ঘৰত আশ্রয় লয় পৰিয়ালটোৱে। এই দৰিদ্র পৰিয়ালটোৱ আজি পৰ্যন্ত পঞ্চায়তৰ পৰা নাপালে এটা PMAY আঁচনিৰ  আবাস গৃহ। 

কেৱল চৰকাৰী ঘৰেই নহয় অনাময় আঁচনিৰ শৌচাগাৰো পোৱা নাই পৰিয়ালটোৱে। শৌচাগাৰ নিৰ্মাণৰ বাবে গাঁত খান্দিবলৈ দিয়াৰ পিছতো আজি পৰ্যন্ত নিৰ্মাণ কৰি নিদিলে শৌচাগাৰ। কেৱল এই পৰিয়ালটোৱে নহয় এনে বহু প্ৰকৃত দৰিদ্র পৰিয়াল বঞ্চিত হৈছে পঞ্চায়ত খনৰ আঁচনিৰ পৰা। তাৰ পৰিৱৰ্তে বহু আৰ্থিক ভাৱে স্বচ্ছল পৰিয়ালে ৰজাপুখুৰী পঞ্চায়তৰ আঁচনি লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। আনহাতে, ২০১৭ চনত ধনশিৰি মহকুমা কপাই যোৱা কাল ধুমুহাই ঘৰ তচনচ কৰাৰ পিছতো পৰিয়ালটোৱে নাপালে চৰকাৰী সাহায্য। পঞ্চায়ত খনৰ এনে জনবিৰোধী কাৰ্যৰ তদন্ত কৰিবলৈ দাবী জনাইছে উদ্ধতম কৰ্তৃপক্ষক। স্থানীয় বিধায়ক গৰাকীকো এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

No comments