Breaking News

সোণাৰিৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন

 


মৃত্যুঞ্জয় দাস, সোণাৰিঃ চৰাইদেউ জিলাৰ সোনাৰি আৰক্ষী থানাৰ অন্তৰ্গত গঞ্জুপাৰা গাওঁৰ কমৰ‌উদ্দিন লহকৰৰ ১৩ বছৰীয়া কন্যা  যোৱা ২৬ নবেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। ঘটনা অনুসৰি উক্ত দিনা সন্ধিয়া ঘৰত পঢ়াৰ পৰিৱৰ্তে মোবাইল চাই থকাৰ বাবে সামান্য গালি-গালাজ কৰে আৰু তাৰ পাছতে মাকে ৰন্ধনীশালত থকাৰ সময়তে কন্যা গৰাকী ঘৰৰ পৰা ওলাই গৈ সন্ধান হীন হৈ পৰে । ছাত্ৰী গৰাকী বিগত চাৰি দিন ধৰি বিচাৰ কোচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত পিতৃ মাতৃয়ে সোনাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও কিশোৰী গৰাকীৰ কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ঘৰৰ পৰা ৰাজপথলৈ ওলাই অহাৰ সময়তে কোনো লোকে কিশোৰী গৰাকীক অপহৰণ কৰি নিয়া বুলি এতিয়া সন্দেহ প্ৰকাশ কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে। 

No comments