Breaking News

বিশিষ্ট গল্পকাৰ, কবি, লেখিকা পূৰ্ণিমা শৰ্মাৰ আত্মকথা ‘জীৱন নদীৰ পানচৈ’ উন্মোচন

 


গল্পকাৰ, কবি, লেখিকা, গ্ৰন্থগাৰিকা পূৰ্ণিমা শৰ্মাৰ আত্মকথা ‘জীৱন নদীৰ পানচৈ’ আজি উন্মোচন কৰা হয়। জীৱনৰ অকল্পনীয় ঘাত-প্ৰতিঘাত অতিক্ৰমী জীৱনৰ পোৱা নোপোৱা আৰু পাই হেৰুওৱা আদি সকলো কথা সামৰি লেখিকা পূৰ্ণিমা শৰ্মাই ৰচনা কৰি উলিয়াইছে এই আত্মকথা গ্ৰন্থখনি। লেখিকাগৰাকীৰ দস্তাবেজৰূপী আত্মকথা ‘জীৱন নদীৰ পানচৈ’  শীৰ্ষক গ্ৰন্থখনি আজি যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত যোৰহাট লেখিকা সংস্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। লেখিকা ঊষা বৰাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত মুকলি সভাত ‘জীৱন নদীৰ পানচৈ’ গ্ৰন্থখনৰ উপৰিও অন্য চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। নিবেদিতা বৰপূজাৰীয়ে আঁত ধৰা সভাত ‘জীৱন নদীৰ পানচৈ’ গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড০ বসন্ত কুমাৰ গোস্বামীয়ে। অনুষ্ঠানত অন্য চাৰিখন গ্ৰন্থৰ উন্মোচক হিচাপে উপস্থিত থাকে ড০ গিৰীশ বৰুৱা, আৰু শান্তিছাঁয়া শইকীয়া। প্ৰতাপ বৰুৱা বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সভাখনত ইন্দ্ৰেশ্বৰ কুমাৰ বৰুৱাক বিশেষভাৱে সম্বৰ্ধিত কৰা হয়। অনুষ্ঠানত বিশিষ্ট পৰিৱেশকৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, গৱেষক ড০ পৰাণ বৰুৱা, সমাজকৰ্মী নিৰেন শৰ্মা, চন্দনা বৰুৱা, সঞ্জীৱ ব ৰুৱা, সংগীতা শৰ্মা, অভিনিৱেশ শৰ্মা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখ্য যে ‘জীৱন নদীৰ পানচৈ’ৰ লেখিকা পূৰ্ণিমা শৰ্মাই ইতিমধ্যে ‘এখন নদীৰ সৈতে মোৰ অনন্য যাত্ৰা’ নামেৰে এখনি সুন্দৰ কাব্যগ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ লগতে প্ৰায় ২১ খন গ্ৰন্থ ৰচনা কৰি নিজৰ সৃষ্টিশীল প্ৰতিভাৰ শস্যৰে অসমীয়া সাহিত্য ভঁৰাল চহকী কৰিছে।

No comments