Breaking News

অগণন ভক্তৰ সমাবেশেৰে বৰভেটিত সম্পন্ন হ'ল ঐতিহাসিক ২৫৪ সংখ্যক ন-লগোৱা উৎসৱ,স্মৰণিকা "অষ্টভুজ" উন্মোচন


প্ৰাঞ্জল প্ৰতীম বৰা, বৰভেটিঃ অসমীয়া আঘোণ মাহৰ আজি দ্বিতীয়টো দেওবাৰ। আজিৰ এই দিনটো সাংস্কৃতিক নগৰী যোৰহাটৰ বাবে এটা বিশেষ দিন বুলি কব পাৰি। কিয়নো যোৰহাট জিলাৰ কৃষি ভঁৰাল স্বৰূপ উত্তৰ-পশ্চিম দিশে  অৱস্থিত প্ৰায় দুশ হেক্টৰ মাটিৰে আৱৰা বুৰঞ্জী প্ৰসিদ্ধ মালৌপথাৰৰ বুকুত অৱস্থিত মায়ামৰা সকলৰ গুৰু অষ্টভুজদেৱৰ পুণ্যতীৰ্থ বৰভেটিত আজি ২৫৪ সংখ্যক ঐতিহাসিক ন-লগোৱা উৎসৱ সম্পন্ন হয়। বিশ্ব অতিমাৰী ক'ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰে ম্লান পৰি থকা বৰভেটিৰ এই উৎসৱে আজি আকৌ প্ৰাণ পায় উঠিল। অসমীয়া জাতিৰ চহা কৃষিজীৱী ৰাইজৰ  ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰখা সাংস্কৃতিক নগৰী যোৰহাটৰ এই অনুষ্ঠান আজিৰ তাৰিখত কেৱল উজনি অসমৰ পৰিচয় বুলিয়েই কব নোৱাৰি। এই অনুষ্ঠান এতিয়া বিস্তাৰিত হৈ পৰিল সমগ্ৰ অসমজুৰি।কিয়নো বৰভেটিৰ আজিৰ এই ঐতিহাসিক ন-লগোৱা উৎসৱত ৰাজ্য খনৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰেহি। 

অসমীয়া চহা কৃষিজীৱী ৰাইজৰ অতিকৈ আপোন মাহটোৱেই হৈছে আঘোণ। কৃষক সকলে মূৰৰ ঘাম মাটিত পেলাই গোটেই বছৰটোৰ কষ্টৰ ফচল পায় এই মাহটোতেই। যাৰ বাবে কৃষক ৰাইজে বহু নীতি-নিয়ম পালন কৰে এই আঘোণ মাহটোতেই। এই নীতি-নিয়মৰ এক মূল কাৰ্যসূচী হল ন-খোৱা অথবা ন-লগোৱা। এই পৰম্পৰা আজিৰ তাৰিখত আমাৰ সমাজ ব্যৱস্থাত অতি দুৰ্লভ বুলিয়েই কব পাৰি। তথাপিটো ঠাই ভেদে এই পৰম্পৰা চেগা-চোৰোকাকৈ আজিও চলি আছে। এই ক্ষেত্ৰত সমগ্ৰ অসমৰ ভিতৰত উজনি অসমৰ যোৰহাটৰ বৰভেটিত অনুষ্ঠিত হৈ অহা এই অনুষ্ঠানভাগীৰ নাম লব পাৰি। বিশাল মালৌপথাৰৰ বুকুৰ পৰা এতিয়াও সম্পূৰ্ণকৈ সোণ গুটি চপোৱা হোৱা নাই যদিও অতীজৰ পৰম্পৰা অনুসৰি এইবাৰো আঘোণৰ দ্বিতীয়টো দেওবাৰেই ভেটিত ন-লগোৱা হয়। মায়ামৰা সকলৰ নিজৰ নিজৰ খেলৰ নিয়ম অনুসৰি আজিও বৰভেটিৰ সেউজ প্ৰাংগণত   জুম বান্ধি বান্ধি তেওঁলোকৰ সমাজ পাতি ন-লগোৱা কাম সম্পন্ন কৰে।

মৃদং আৰু ভোৰতালৰ মাংগলিক ধ্বনিৰে এক ভক্তিভৰা পৰিবেশ গঢ়ি তোলা সমাজ সমূহত ন- ধানৰ ন- চাউলৰ পিঠাগুৰিৰ মিঠৈৰ লগতে বুট,মগু,কল,কুঁহিয়াৰ আৰু বিভিন্ন ফলাহাৰে এখনি পূৰ্ণ ঠগি বৰভেটিৰ বৰ নামঘৰলৈ আগবঢ়াই আজিৰ এই ঐতিহাসিক ন-লগোৱা সম্পন্ন কৰা হয়। আজিৰ এই পৰম্পৰাৰ পিছতেই বহুতে এতিয়া ইঘৰে সিঘৰৰ পৰিয়ালক হাঁহে-মাহে এসাজ খাবলৈ নিমন্ত্ৰণ জনাব। যাক আমি ন-খোৱা পৰম্পৰা বুলি কওঁ। বৰভেটিৰ আজিৰ এই উৎসৱ মুখৰ পৰিবেশত অসমৰ বিভিন্ন স্থানৰ পৰা অন্যান্য জাতি-জনগোষ্ঠীৰ অগণন লোক আহিও ভেটিত চাকি-বন্তি জ্বলাই এখনি পূৰ্ণ ঠগি আগবঢ়াই পৰিয়ালৰ সুখ-শান্তিৰ বাবে সেৱা লয়হি। ইফালে বৰভেটিত লোণ দান কৰিলে পুণ্য হয় বুলি এক প্ৰবাদ থকাৰ বাবে আজি বহু লোকে লোণ দান কৰাত উৎসৱ স্থলীত নিমখৰ পেকেটৰ এক পাহাৰ গঢ় লৈ উঠে। এই পৰিবেশৰ মাজতে আজি উৎসৱ স্থলীত চিকিৎসা সেৱা,পুলিচ-প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থা,স্বেচ্ছাসেৱী বাহিনীৰ সেৱা,বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আদি সুকলমে চলি থকা পৰিলক্ষিত হল। বেশেষকৈ অগণন ৰাইজৰ ভিৰৰ মাজত হঠাতে কাৰোবাৰ হাতৰ পৰা হেৰাই যোৱা মণি বেগ,মোবাইল ফোনৰ বতৰা সষ্টম হৈ থকা অনুসন্ধান কক্ষই বাৰে বাৰে ঘোষণা দি থকাৰ বাবে সেই হেৰুৱা বস্তু আজি পুনৰ উদ্ধাৰ কৰাত যথেষ্ট সহায় হয় উদযাপন সমিতিৰ। 

ইয়াৰ মাজতে দূৰনি-বতীয়া অতিথিক চাহ-ভাতেৰে সুন্দৰকৈ আপ্যায়ন কৰে আজি বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিয়ে।উৎসৱস্থলীত সুন্দৰ আৰু সু-শৃংখলভাবে গায়ন-বায়ন পৰিবেশন কৰাৰ বাবে যোৰহাট ৰংদৈ বৰ আলি গাওঁৰ  দল,শিৱসাগৰ বান মুখ সন্মিলিত সাংস্কৃতিক সমাজ,পশ্চিম যোৰহাট বৰ আহোম গাঁও দল আৰু টিয়ক তেলীয়া গাওঁৰ দলক প্ৰশস্তি পত্ৰৰে অনুষ্ঠানৰ শেষত সন্মানিত কৰা হয়। উল্লেখযোগ্য যে দুবছৰ বিৰতিৰ মূৰত আজি স্থানীয় ক্ষুদ্ৰ বেপাৰী সকলো ক্ষন্তেকীয়া বজাৰ খনৰ পৰা কিছু উপকৃত হল বুলি কব পাৰি। যিহেতু উৎসৱস্থলীৰ আশে-পাশে দিনটোৰ বাবে গঢ় লৈ উঠা হোটেল,মনিহাৰি,কিতাপ,ফলমূল,মিঠাই,গাড়ী-মটৰ পাৰ্কিং আদি ব্যৱসায় দোকান সমূহত   গ্ৰাহকৰ সঁহাৰি উৎসাহ জনক বুলিয়েই কব পাৰি। 

মন কৰিব লগীয়া কথাটো হল যোৰহাটৰ কৃষি প্ৰধান অঞ্চলটোত বছেৰেকত অনুষ্ঠিত হোৱা এই ন-লগোৱা অনুস্থানটোৱে কিঞ্চিত মান হলেও কৃষক ৰাইজক অৰ্থনৈতিক সকাহ দি আহিছে। উল্লেখযোগ্য যে বৰভেটিৰ ন-লগোৱা উৎসৱৰ লগত সংগতি ৰাখি কালি দিনৰ ১০-৩০ বজাত দেৰগাঁৱ সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে চাৰিঙিয়া-চেঙেলীয়াটি পথৰ পৰা বৰভেটি সংযোগী নৱ নিৰ্মিত পথটি শুভ উন্মোচন কৰে। ইয়াৰ পিছত সন্ধিয়া ৫-০০ বজাত ২৫৪ গছ বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে ঐতিহাসিক ন-লগোৱা উৎসৱৰ পাতনি মেলা হয়। কালি সন্ধিয়া পৰতে শিক্ষক কুমুদ চন্দ্ৰ দাসে সম্পাদনা কৰা ন-লগোৱা উৎসৱৰ স্মৃতি গ্ৰন্থ "অষ্টভুজ" উন্মোচন কৰে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত শৰ্মাই। এই অনুষ্ঠানতেই বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ আজীৱন সদস্যসকলক মানপত্ৰ প্ৰদান কৰি সন্মানিত কৰা হয়। ন-লগোৱা উৎসৱৰ দুয়ো দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাত উদযাপন সমিতিৰ হৈ পূৰ্ণকান্ত বৰা, ড০ লক্ষ্মীকান্ত হাজৰিকা,সিদ্ধি দাস বৰুৱা,ঠানুৰাম দাস,নবীন পাত্ৰ, ড০ সূর্যেন্দ্ৰ নাথ বৰুৱা,কুমুদ চন্দ্ৰ দাস আৰু পৱন বৰাই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

No comments