Breaking News

আম আদমি পাৰ্টিৰ ৰাজ্যিক সমিতিৰ যুটীয়া সমন্বয়ক হিচাপে নিযুক্ত ৰাজীৱ শইকীয়া


ডিজিটেল সংবাদ,গোলাঘাটঃ আম আদমি পাৰ্টিৰ ৰাজ্যিক সমিতিৰ যুটীয়া সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে গোলাঘাট জিলাৰ বৰপথাৰৰ যুৱ নেতা ৰাজীব শইকীয়াক। শনিবাৰে নিশা আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰী আৰু ৰাজ্যিক তত্বাবধায়ক ৰাজেশ শৰ্মাৰ দ্বাৰা স্বাক্ষৰিত পত্ৰত এই নিযুক্তি দিয়া হৈছে ৷ নিযুক্তি লাভ কৰিয়ে তেখেতে প্ৰথম প্ৰতিক্ৰিয়া হিচাপে কয় যে, অৰবিন্দ কেজৰিয়াল বৰ্তমান যুৱ প্ৰজন্মৰ প্ৰথম চইছ্ ৷ 

দেশ তথা ৰাজ্যখনৰ যুৱ প্ৰজন্মই এতিয়া স্বনিৰ্ভৰশীল শক্তিশালী ভাৰত তথা অসম বিচাৰে ৷ তেখেতে আৰু কয় যে,বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ-ভৈয়ামৰ আমি অসমীয়া, একতা আমাৰ বল ৷ অসমত জাতি-ভাষা-ধৰ্ম বিদ্বেগৰ স্থান নাই ৷শংকৰ - মাধৱ গুৰু দুজনাৰ আদৰ্শৰ লগতে আজান ফকিৰৰ সম্প্ৰীতি আৰু সমন্বয়ৰ বাণীৰে অসমক শক্তিশালী কৰিব লাগিব ৷ তেখেতে এই দায়িত্ব দিয়াৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক ধন্যবাদ জনায়।লগতে ৰাইজৰ আৰ্শীবাদ বিচাৰিছে ৷

No comments