Breaking News

চৰাইদেউত আৰক্ষীয়ে গঠন কৰিলে চান্দা বিৰোধী কোষ


মৃত্যুঞ্জয় দাস, সোণাৰিঃ ৰাজ্যৰ বিভিন্ন স্থানত চান্দা বিৰোধী কোষ গঠন আৰক্ষী প্ৰশাসনে গঠন কৰালৈ চাই চৰাইদেউ জিলাটো এণ্টি এক্সটৰ্চন চেল প্ৰশাসনে গঠন কৰি জিলাবাসীৰ বাবে কেইটামান ফোন নম্বৰ মুকলি কৰি দিছে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীক এই চেলৰ মুখ্য বিষয়া, উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰ , মৰাণহাটৰ চক্ৰ আৰক্ষী বিষয়া আৰু সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক সদস্য হিচাপে লৈ উক্ত কোষটো গঠন কৰা হৈছে। এই সন্দৰ্ভত কোনো সমস্যাৰ সন্মুখীন হলে ভুক্তভোগীয়ে উক্ত চেলৰ দ্বায়িত্ব প্ৰাপ্ত সকলৰ সৈতে যোগাযোগ কৰি ওজৰ আপত্তি দৰ্শাব পাৰিব বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত ম'বাইল নম্বৰ ৬০২৬৯০০২৬৮, ৬০২৬৯০০২৭২, ৬০২৬৯০০২৭৫ আৰু ৬০২৬৯০০২৮০ ত যোগাযোগ কৰি সবিশেষ জনাব পাৰিব বুলি জিলা আৰক্ষীৰ সূত্ৰত প্ৰকাশ।


No comments