Breaking News

ইণ্ডিয়া ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰত অসমৰ চাহৰ প্ৰচাৰ


ডিজিটেল সংবাদ,গোলাঘাটঃ নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ উদ্যোগত আৰু অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহযোগত নতুন দিল্লীৰ প্ৰগতি ময়দানত  যোৱা ১৪ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ হোৱা ইণ্ডিয়া ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰত অসমৰ চাহৰ প্ৰচাৰৰ বাবে এক বিশেষ টি ষ্টল স্থাপন কৰা হয়। ইণ্ডিয়া ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰৰ অসম পেভিলিয়নত স্থাপন কৰা নেটাৰ এই টি ষ্টলত অসমৰ বিভিন্ন প্ৰকাৰৰ উৎকৃষ্ট মানদণ্ডৰ চাহ ৰাইজৰ মাজত পৰিবেশন কৰা হয়। নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনে স্থাপন কৰা এই বিশেষ টি ষ্টলে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাখনলৈ অহা বহুসংখ্যক লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হয়। বিশ্ববিখ্যাত অসমৰ চাহৰ জুতি ল'বলৈ টি ষ্টলখনলৈ ব্যাপক হাৰত মানুহৰ সমাগম ঘটে।  দৈনিক প্ৰায় পাঁচ শ কাপ চাহ ৰাইজৰ মাজত পৰিবেশন কৰিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰে নেটা পৰিয়ালে। উক্ত টি ষ্টল অৰ্থাৎ চাহৰ বিপণী স্থাপন কৰাৰ মূল লক্ষ্য আছিল ৰাইজক উৎকৃষ্ট গুণসম্পন্ন অসমৰ চাহৰ সোৱাদ দিয়াৰ লগতে ভাৰতবৰ্ষৰ চাহ সেৱনকাৰীৰ  জনমূৰি হাৰ বৃদ্ধি কৰা।  


উল্লেখনীয় যে ভাৰতীয় চাহ বোৰ্ডে মেচাৰ্চ ডেল'ইট টাচ্চ ত'হমাতচু ইণ্ডিয়া এল এল পি নামৰ সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হৈ ভাৰতত মুঠ ঘৰুৱা চাহ সেৱনৰ এক সমীক্ষা চলাইছিল।সংস্থাটোৰ ২০১৮ চনৰ সমীক্ষা অনুসৰি ভাৰতত  চাহ সেৱনৰ জনমূৰি হাৰ ০.৭৮ কিল'গ্ৰাম যি তুৰস্ক,  মৰক্কো আনকি চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ জনমূৰি হাৰতকৈ যথেষ্ট কম। নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ইণ্ডিয়া ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰত স্থাপন কৰা নেটাৰ বিশেষ চাহ বিপণীখনলৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম চৰকাৰৰ প্ৰধান সচিব ড০ কে কে দ্বিবেদী,  প্ৰধান আৱাসিক আয়ুক্ত ৰাজীৱ চন্দ্ৰ যোশী,  কাৰ্টুনিষ্ট জগজিৎ ৰাণা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত হৈ অসমৰ চাহৰ সোৱাদ লয়। 

No comments