Breaking News

মৰঙি কৃষি উন্নয়ন বিষয়া চক্ৰৰ বৰচাপৰি গাঁৱত বিভিন্ন প্ৰজাতিৰ ধানৰ খেতিৰ অংশীদাৰীত্বমূলক মূল্যায়ন কাৰ্যসূচী সম্পন্ন


ডিজিটেল সংবাদ,গোলাঘাটঃ মৰঙি  কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনৰ বৰচাপৰি গাঁৱত কালি অসম এগ্ৰিবিজনেছ আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প চমুকৈ এপার্টৰ অধীনত একে ঠাইতে সুকীয়া সুকীয়াকৈ বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি (ৰাইচ ভেৰায়েটেল কেফেটেৰিয়া)ৰ এটা অংশীদাৰীত্বমূলক মূল্যায়ন কাৰ্যসূচী অনুষ্ঠিত হয় । গোলাঘাটৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু অসম এগ্ৰিবিজনেছ আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ এপার্ট-আত্মা, গোলাঘাটৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচী জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া (এগ্ৰ') তথা এপাৰ্টৰ জিলা ন'ডেল বিষয়া ৰঞ্জন বৰুৱাই শুভাৰম্ভ কৰে । 


অনুষ্ঠানত স্থানীয় আৰু বৰ্ণসংকৰ মুঠ ১০টা ধানৰ প্ৰজাতি প্ৰদৰ্শন কৰা হয় । ২,০০০ বৰ্গ মিটাৰ এলেকাত উদ্যমী কৃষক ৰাজীৱ চেতিয়াৰ পথাৰত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ আৰু গোলাঘাট জিলা কৃষি বিভাগৰ তত্বাৱধানত এই একে ঠাইতে সুকীয়া সুকীয়াকৈ বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰা হৈছে । অনুষ্ঠানৰ অংশৰূপে বিভিন্ন ঠাইৰ পৰা অহা ৩৫ গৰাকী কৃষকে বিভিন্ন প্ৰজাতিৰ ধানৰ মূল্যায়ন কৰে । ধানৰ লক্ষনগত বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকে দিয়া ভোটৰ ওপৰত নিৰ্ভৰ কৰি ৰঞ্জিত ছাব ১ (এছ টি আৰ ভি) ধানক প্ৰথম স্থান, কণ জহা (প্ৰিমিয়াম শ্ৰেণীৰ ধান)ধানক দ্বিতীয় স্থান আৰু কাজল (এল পি ভি)ধানক তৃতীয় স্থানত ৰখা হয় । 


অনুষ্ঠানত কৃষি উন্নয়ন বিষয়া তথা মৰঙি উন্নয়ন খণ্ডৰ আহ্বায়ক সংঘমিত্ৰা শৰ্মা, এপাৰ্টৰ জিলা পৰিৱেশ সমন্বয়ক ডঃ বনশ্ৰী শৰ্মা, আন্তৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ কনিষ্ঠ গৱেষক অংকিতা চাহু, গোলাঘাট আৰু মৰঙি কৃষি উন্নয়ন বিষয়া চক্ৰৰ কৃষি সম্প্ৰসাৰণ সহকাৰীসকল, মৰঙি উন্নয়ন খণ্ডৰ খণ্ড প্ৰযুক্তি প্ৰৱন্ধক দিগন্ত গোহাঁই, সহকাৰী প্ৰযুক্তি প্ৰৱন্ধক জ্ঞায়ছি ৰয়, এপাৰ্টৰ ৰিচাৰ্ছ টেকনিচিয়ান অভিষেক সিংহ, স্থানীয় কৃষক আৰু ভালেমান গাঁওবাসী উপস্থিত আছিল ।উল্লেখযোগ্য যে বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে গোলাঘাট জিলাৰ চাৰিটা কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনত ৰূপায়িত এই এপার্ট প্ৰকল্পৰ দ্বাৰা খেতিয়কসকলে নিজে খেতিৰ বাবে উপযুক্ত প্ৰজাতি নিৰ্ধাৰণ কৰিব পাৰিব ।

 

No comments