Breaking News

গোলাঘাট জিলাত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ব্যাপক অভিযান অব্যাহত


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে। জিলাখনৰ আবকাৰী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত বিভাগে যোৱা কেইটামান দিনত অভিযান তীব্রতৰ কৰি তুলিছে । জিলাখনৰ ভিন ভিন ঠাইত শুক্রবাৰে গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ আৰু ধ্বংস কৰা হয়। শুক্রবাৰৰ দিনটোত গোলাঘাট আবকাৰী বিভাগে ১৪টা স্থানত ৪টা অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰি নষ্ট কৰে। 


অভিযানকাৰী দলে এই অভিযানকালত ৬,১০০ লিটাৰ চুলাই মদ প্ৰস্তুত কৰা পাছ, ২৬০ লিটাৰ চুলাই মদ, ৯টা চুলাই মদ প্ৰস্তুত কৰা সঁজুলি আৰু ২৪০ কিলোগ্ৰাম লালিগুড় জব্দ কৰে। অভিযানকাৰী দলে জিলাখনৰ ফৰকাটিং চক্ৰৰ অধীনৰ বাঘেধৰা মিছিং গাঁও, মধুপুৰ,গমাৰী আৰু তেঁতেলীতল মিছিং গাঁও, দেৰগাঁও চক্ৰৰ অধীনৰ বনগাঁও, হাটখোলা, বহুগাওঁ আৰু ৰঙামাটি অঞ্চল, বোকাখাত চক্ৰৰ পানবাৰী, দোমজান, বছাগাঁও আৰু কহঁৰা আৰু সৰুপথাৰ চক্ৰৰ চুকীয়াপথাৰ আৰু গেলাবিল অঞ্চলত অভিযান চলাই এই বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ আৰু ধ্বংস কৰে।

No comments