Breaking News

নলবাৰী আৰক্ষীক সম্বৰ্দ্ধনা নলবাৰীৰ সচেতন যুৱকৰ


প্ৰাঞ্জল বেজবৰুৱা,নলবাৰীঃ ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে অসম আৰক্ষীয়ে যি পদক্ষেপ লৈছে সেয়া প্ৰশংসনীয়।নলবাৰীতো চলি অহা ড্ৰাগছৰ ৰমৰমীয়া বেহাত বিগত সময়ত নলবাৰী আৰক্ষীয়ে মাৰাথান অভিযান চলাই ইতিমধ্যে বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। এই ড্ৰাগছৰ কবলত পৰি যুৱ প্ৰজন্ম আৰু সমাজ নষ্ট হ'বলৈ লোৱাৰ সময়ত নলবাৰী আৰক্ষীয়ে বিভিন্ন সময়ত যেনেদৰে ড্ৰাগছ  সৰবৰাহকাৰীক তথা ড্ৰাগছ সেৱনকাৰীক আটক কৰি এখন সুস্থ সমাজৰ লগতে ড্ৰাগছ মুক্ত নলবাৰী গঢ়াৰ দিশে আগবাঢ়িছে তাৰ বাবে নলবাৰী আৰক্ষী প্ৰশংসাৰ পাত্ৰ।

সেয়ে নলবাৰী আৰক্ষীক সন্মান তথা সম্বৰ্দ্ধনা জ্ঞাপন কৰিবলৈ ওলাই আহে নলবাৰী চহৰৰ এচাম সচেতন যুৱকে।শুক্রবাৰে সন্ধিয়া নলবাৰী সদৰ আৰক্ষী থানাত নলবাৰীৰ সচেতন যুৱক ৰুহুল আমিন,ফাৰুক আহমেদ,পিংকু আহমেদ, আমিৰুল ইছলাম আদিয়ে ডিএছপি জিকিৰাণী মহন্ত, নলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লিন্টু বৰা, নলবাৰী আৰক্ষী থানাৰ টিএছআই বিশ্ব জ্যোতি দুৱৰী, ইজাজ আহমেদক তেওঁলোকৰ কামৰ শলাগ জনাই আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰে । লগতে  নলবাৰীৰ সকলো অসামাজিক কামত লিপ্ত অপৰাধীক উচিত শাস্তি বিহি এখন শান্তিময় চহৰত পৰিনত কৰোৱাৰ আশা প্রকাশ কৰে।

No comments