Breaking News

বিশিষ্ট পৰিৱেশ বিজ্ঞানী ড০ পদ্মেশ্বৰ গগৈলৈ ‘গ্ৰাছ গ্রীন বঁটা-২০২১’


ডিজিটেল সংবাদ, বোকাখাতঃ অগ্ৰণী পৰিৱেশ সংগঠন ‘গ্ৰাছ’ৰ পঞ্চম বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানটি ২৮ নৱেম্বৰ অৰ্থাৎ কাইলৈ অনুষ্ঠিত কৰা হৈছে। যোৱা ৬টা বছৰে গোলাঘাট জিলাৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা পৰিৱেশ স্বেচ্ছাসেৱী সংগঠনটোৱে সেউজীকৰণ, স্বচ্ছতা আৰু সামাজিক কাম কাজত জড়িত হৈ থকা ব্যক্তিসকললৈ আগবঢ়াই আহিছে এলানি প্ৰেৰণামূলক বঁটা। দেওবাৰে অৰ্থাৎ কাইলৈ বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত বিয়লি ২ বজাত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষৰ 'গ্রাছ গ্রীন এৱাৰ্ড', 'গ্ৰাছ ৱ’মেন এৱার্ড', 'গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড' আৰু 'গ্ৰাছ নিৰ্মল সেউজ বঁটা’ প্ৰদান কৰা হ’ব। বিগত বৰ্ষত স্বৰ্গীয় ধনিল বৰঠাকুৰৰ সোঁৱৰণত গোলাঘাট জিলা ভিত্তিত ‘গ্ৰাছ গ্ৰীণ এৱাৰ্ড’ বিশিষ্ট উদ্ভিদ বিজ্ঞানী ড০ পদ্মেশ্বৰ গগৈক প্ৰদান কৰা হ’ব। ইয়াৰোপৰি  মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰা মহিলাসকললৈ আগবঢ়াই অহা এইবৰ্ষৰ জিলা ভিত্তিত স্বৰ্গীয়া নুমলী হাজৰিকা সোঁৱৰণী ‘গ্ৰাছ ৱ’মেন এৱাৰ্ড’ প্ৰদান কৰা হ’ব বিশিষ্ট চাহ উদ্যোগী, কবি ৰাখী দত্ত শইকীয়ালৈ, কৃষি বিপ্লৱৰ যোগেদি নিজেও সংস্থাপিত হোৱাৰ লগতে আন দহকো সংস্থাপন কৰিবলৈ সক্ষম হোৱা ব্যক্তিসকললৈ আগবঢ়াই অহা বোকাখাত মহকুমাভিত্তিত ‘স্বৰ্গীয় কমলেশ্বৰ বৰা সোঁৱৰণী’ ‘গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড’ এইবাৰ প্ৰদান কৰা হ’ব বোকাখাতৰ ২ নং পৰঙনীয়াৰ ললিত দত্তলৈ আৰু মহকুমাটোৰ বিদ্যালয়সমূহৰ স্বচ্ছতা, পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু নিয়মানুবর্তিতাৰ ওপৰত ভিত্তি কৰি মহকুমা ভিত্তিত স্বৰ্গীয় থানেশ্বৰ ভূঞা সোঁৱৰণী ‘গ্ৰাছ নিৰ্মল সেউজ বঁটা’ এইবৰ্ষত আগবঢ়োৱা হৈছে নুমলীগড়ৰ ৰৌদুৱাৰ পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অপূৰ্ব হাজৰিকালৈ। 

বিগত বিশ্ব পৰিৱেশ দিৱসত বঁটা প্ৰাপকসকলৰ নাম মনোনীত কৰা হৈছিল যদিও এই বঁটাসমূহ ক’ভিড পৰিস্থিতিৰ বাবে বঁটা প্ৰদান অনুষ্ঠানটি পিছুৱাব লগা হৈছিল। সেয়েহ অহা কাইলৈ এইবৰ্ষৰ বঁটা সমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়াৰ লগতে সংগঠনটোৰ বাৰ্ষিক মুখপত্ৰ ‘শ্যামলিমা’ উক্ত অনুষ্ঠানতে উন্মোচন কৰা হ’ব বুলি ‘গ্ৰাছ’ৰ সভাপতি অংকুৰ বৰঠাকুৰ আৰু সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই জানিবলৈ দিয়ে।

No comments