Breaking News

বৰপথাৰত নকল সোণসহ তিনিজনক আটক।


মাধুৰ্য কোঁৱৰ,ধনশিৰিঃ গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত তামুলী গাঁৱত শুক্ৰবাৰে চোৰাং সোণ সহ তিনিজনীয়া  সৰবৰাহকাৰী এটা দুষ্ট চক্ৰ আৰক্ষীয়ে আটক কৰিছে। চোৰাং সোণ সৰবৰাহকাৰী ধৃত দুৰ্বৃত্ত কেইজন হ'ল মেৰাপানী থানাৰ অন্তৰ্গত চাওদাঙপথাৰ আমগুৰি চুকৰ  জগনাথ শইকীয়া (৩৫), ঘিলাধাৰী থানাৰ মাহীমেলিয়াৰ গকুল বৰা (৩৯) আৰু হিমন্ত হাজৰিকা( ৩০)। ধৃত কেইজনৰ পৰা ১২০ গ্ৰাম সোণ, ১৫২১০ টকা নগদ ধন আৰু তিনিটা মোৱাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 


দুৰ্বৃত্তৰ দলটোৱে সোণখিনি বিক্ৰী কৰিবৰ বাবে কিছুদিনৰ পৰা গোপনে বৰপথাৰৰ আশে-পাশে গ্ৰাহকৰ সন্ধান অব্যাহত ৰাখিছিল আৰু সোণখিনিৰ বিনিময়ত ৬ লাখ টকা বিচাৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমেশ্বৰ শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে উক্ত  চক্ৰটোক উক্ত গাওঁ খনৰ পৰা আটক কৰিবলৈ সক্ষম হয়। 

বৰপথাৰ থানাত আৰক্ষীয়ে বৰ্তমান দুষ্ট চক্ৰটোক সোধাপোচা আব্যাহত ৰাখিছে। ধৃত চক্ৰটোৱে সোণখিনি চুৰি কৰি অনা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ইপিনে সোণখিনি প্ৰকৃত সোণ হয় নে নহয় সেই সন্দৰ্ভত নিশ্চিত হ'বৰ বাবে অৰ্দ্ধ গোলাকাৰ আকৃতিত থকা সোণখিনি পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰে। পৰীক্ষাৰ অন্তত সোণখিনি নকল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

No comments