Breaking News

চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ দুই অসাধু কৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে বনধংসৰে ধন চপোৱাৰ অভিযোগ


পঙ্কজ নাথ,চাংসাৰিঃ দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই কেবল চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটিৰ দালালেই নহয় ,পৰবৰ্তী সময়ত বন বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধেও হুংকাৰ দিছিল । ৰাজপথত বন বিভাগৰ লোকে বাট আগচিব নোৱাৰিব কোনো কাঠ কঢ়িওৱা গাড়ী ।  ইয়াৰ পিছত যোৱা ২৮ অক্টোবৰত কামৰূপ প্ৰশাসনে এক চৰকাৰী নিৰ্দেশযোগে কামৰূপ জিলাৰ পাহাৰৰ মাটি কটা , পাহাৰৰ পৰা শিল ভঙা, তথা পাহাৰ ধংসৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ বাবে প্ৰতিটো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত এনফ'ৰচমেণ্ট বিষয়া নিযুক্ত কৰি কঠোৰ হবলৈ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছিল ।


উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ সিং , চিলা বনাঞ্চলিক বিষয়া এছ বৰদলৈ, কামৰূপ এনফৰ্চমেণ্ট আৰু চাংসাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ এক কমিটিৰ জৰিয়তে অঞ্চলটিৰ বন ধংসৰ বিৰুদ্ধে পদক্ষেপ লবলৈ কোৱা হৈছিল কামৰূপ প্ৰশাসনৰ ফালৰ পৰা । কিন্তু কামৰূপ প্ৰশাসনৰ এই নিৰ্দেশ পৰ্যবসিত হ'ল ফুটুকাৰ ফেনলৈ। চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ আওতাত পাঁচটা পুৰ্বৰ পৰা চলা মাটিৰ সাদনৰ ওপৰি উত্তৰ গুৱাহাটী আৰু বাইাহাটা অঞ্চলত অস্থায়ীভাবে পাহাৰৰ মাটি কটা অব্যাহত থাকিল । তদুপৰি চকীগেট , কাটামুৰ পাহাৰ , মলঙ পাহাৰ আদিত অবাধে পাহাৰ ধংস মুকলিভাবে চলি থাকিল । এইসমূহ অবাধে চলি থকাৰ মুলতে চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মী জনৈক দাস আৰু জনৈক ভৰালীৰ অশুভ ইংগিতত জধেমধে পাহাৰ ধংস চলি আছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।


জনৈক ভড়ালী আৰু দাসে সাঁদন পাঁচটাৰ প্ৰতিটোৰ পৰা মহিলী অংকৰে বুজাবুজি কৰি অবৈধ কাৰ্যকলাপ কৰাত সুবিধা কৰি দিয়াৰ উপৰিও কেইবাটাও ক্ৰেচাৰৰ পৰাওঁ মাহিলী সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে । তদুপৰি ব্লক ইটা উদ্যোগৰ প্ৰতিটোৰ পৰা আৰু ইটা ভাটা সমুহৰ পৰাও বুজন পৰিমানৰ ধন সংগ্ৰহৰ অভিযোগ উৎথাপিত হৈছে এই দুই বন কৰ্মীৰ বিৰুদ্ধে । আনকি আজ্ঞাঠুৰীৰ জনৈক আগৰৱালা উপাধিৰ কংক্ৰীট উদ্যোগলৈ কুমাৰিকটাৰ পৰা শিল বালি কঢ়িয়াই অনা ২৭খন মান ট্ৰাকৰ পৰাও মাহিলি অবৈধভাবে ধন সংগ্ৰহ কৰাৰ লেখীয়া অভিযোগ উত্থাপন হৈছে জনৈক দাস আৰু ভৰালীৰ বিৰুদ্ধে । চিলা বনাঞ্চলিক বিষয়া এছ বৰদলৈক আঁৰত ৰাখি এই দুই অসাধু কৰ্মীয়ে  প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শনেৰে এইসমূহ কাম কৰাৰ অভিযোগ তুলিছে একাংশ সচেতন ৰাইজে । ইতিপুৰ্বে বেআইনী কামৰ বাবে কোনো কোনোক বন বিভাগৰ শীৰ্ষ মহলে কৈফিয়ৎ তলব কৰিছিল যদিও সেয়া যেন ফুটুকাৰ ফেনলৈ পৰ্যবসিত হৈছে । এতিয়াও কুম্ভ নগৰ, টাঙনি ,গৌৰীপুৰ ,বাইহাটা ,মলঙ, কাটামুৰ আদি কেইবা ঠাইতো অবাধ বন ধংস চলি থকাৰ পিছতো নিৰব বন বিভাগ কিম্বা জিলা প্ৰশাসন । 

কামৰূপ প্ৰশাসনে পাহাৰ ধংসৰ বিৰুদ্ধে সময়ে সময়ে  জাৰি কৰা নিৰ্দেশনাৰ পিছতো পাহাৰ ধংস অব্যাহত থকালৈ চাই এইয়া প্ৰশাসনৰ একাংশ অসাধু বিষয়াই বন ধংসকাৰিক কষ চপোৱাৰ ঋক কৌশল বুলিও সৰ্ব সাধাৰণে মত ব্যক্ত কৰিছে । ইমানবোৰ অভিযোগৰ পিছত বনকৰ্মী জনৈক ভৰালী আৰু দাসৰ বিৰুদ্ধে তদন্ত কৰি কিবা ব্যবস্থা গ্ৰহণ কৰিবনে প্ৰশাসনে , প্ৰশাসনে চিলা ৰেঞ্জত চলি থকা পাহাৰৰ ৰঙামাটিৰ অবৈধ খনন ও সৰবৰাহ, অসম চৰকাৰে পাবলগীয়া ৰাজহৰ বৃহৎ চুৰি কাৰ্যৰ লগতে বন্ধ কৰিবলৈ সক্ষম অন্যান্য অবৈধ কাৰ্যকলাপ সেয়াহে অনাগত সময়ত লক্ষনীয় হ'ব।

No comments