Breaking News

গোলাঘাটৰ সাধনী কলাক্ষেত্ৰত আজিৰে পৰা মাহজোৰা কাৰ্যসূচীৰে মৌ-পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী




ডিজিটেল সংবাদ,গোলাঘাটঃ প্ৰধানমন্ত্ৰীৰ কৌশল ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় সেউজ কৌশল বিকাশ কাৰ্যক্ৰমৰ অধীনত আজিৰেপৰা গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰত বনৰীয়া মৌ-পালন আৰু প্ৰকাৰণৰ এমহীয়া প্ৰমাণ-পত্ৰৰ এটা মাহজোৰা প্ৰশিক্ষণ আৰম্ভ হৈছে । অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ অন্তৰ্গত পৰিৱেশ তথ্য কেন্দ্ৰ (ENVIS Hub) ৰ উদ্যোগত আৰু মানৱ কল্যান উন্নয়ন পৰিষদৰ সহযোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ আজিৰ উদ্বোধনী অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই অংশগ্ৰহণ কৰে । তেওঁ নিজৰ ভাষণত কয় যে এই প্ৰশিক্ষণৰ দ্বাৰা প্ৰশিক্ষাৰ্থীসকলে যে কেৱল এটা জীৱিকাৰ পথ উলিয়াব পাৰিব তেনে নহয়, বৰং তেওঁলোকে এটা সুস্থ জীৱনশৈলীৰো জ্ঞান লাভ কৰিব ।  ইউৰোপ, জাৰ্মানী আদি দেশৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে বৰ্তমান সময়ত মৌ-পালন এটা বৃহৎ পৰিসৰলৈ আগবাঢ়িছে । মৌ-পালন যিহেতু পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত বিষয়, সেয়ে ই উপাৰ্জনৰ এটা ভাল মাধ্যম হোৱাৰ লগতে এই বৃত্তি ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতিও এক অৱদান হ'ব । প্ৰসংগক্ৰমে তেওঁ গোলকীয় উষ্ণতা হ্ৰাস কৰাৰ বাবে সৌৰ শক্তিৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত অংশ লৈ অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ বিষয়া তথা এনভিছ-হাবৰ সমন্বয়ক ডঃ জয়দ্বীপ বৰুৱাই কয় যে এই প্ৰশিক্ষণত হাবিৰ পৰা বনৰীয়া মৌ ধৰি আনি পোহা, বাকচ নিৰ্মাণ কৰা, মৌৰ পৰা মম প্ৰস্তুত কৰা আদি সকলো দিশ সামৰি প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । তেওঁ কয় যে মৌ আৰু বিভিন্ন পতংগক সুৰক্ষা প্ৰদানেৰে প্ৰকৃতিৰ সেউজ আৱৰণখনক সুৰক্ষা দিয়াৰ বাবে বিজ্ঞানসন্মতভাৱে মৌ পালন কৰা দৰকাৰ । 

বনৰীয়া মৌৰ বাঁহ কাটি আনিলে বা বাঁহ জ্বলাই মৌ সংগ্ৰহ কৰিলে মৌ মাখিৰ এটা বৃহৎ উপনিৱেশ ধ্বংস হয় । সেয়ে বহনক্ষম উন্নয়নৰ স্বাৰ্থত মৌ মাখিৰ ক্ষতি নকৰাকৈ মৌ-পালন কৰাৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ আৱশ্যকতা আছে । মৌ-পালনৰ প্ৰশিক্ষণৰ লগতে এই কাৰ্যসূচীত যোগাভ্যাস আৰু বিজ্ঞানসন্মতভাৱে আৱৰ্জনা নিষ্কাশনৰো প্ৰশিক্ষণ দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত মানৱ কল্যান উন্নয়ন পৰিষদৰ অতিৰিক্ত সচিব মৃণ্ময় সাহায়ো অংশগ্ৰহণ কৰে । 

আজিৰ অনুষ্ঠানত পূৰ্বে প্ৰশিক্ষণ গ্ৰহণ কৰা তথা বৰ্তমান সফল মৌ-পালক মান্না হাজৰিকা আৰু প্ৰিয়ব্ৰত গোস্বামীয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে । অনুষ্ঠানটোৰ আঁত ধৰে এনভিছ হাব, অসমৰ কাৰ্যক্ৰম বিষয়া ডঃ মনিষা শৰ্মাই । অনুষ্ঠানত এনভিছ হাব, অসমৰ তথ্য বিষয়া সমীৰণ কলিতা আৰু তথ্য-প্ৰযুক্তি বিষয়া উৎপল দাসৰ লগতে এনভিছ হাবৰ কৰ্মী আৰু প্ৰশিক্ষাৰ্থীসকল উপস্থিত আছিল।

No comments