Breaking News

গোলাঘাট ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মুনিন বৰাৰ দেহাৱসান

 


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটনগৰৰ ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মুনিন বৰাৰ বৃহস্পতিবাৰে সন্ধিয়া প্ৰায়৭-০০বজাত নিজ বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে।১৯৬০ চনত কছাৰীহাট মৌজাৰ ৰাইদঙ্গীয়া গাঁৱত জন্ম গ্ৰহণ কৰা বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতকোত্তৰ ডিগ্ৰী আৰু আইনৰো স্নাতক ডিগ্ৰী লাভ কৰি১৯৯৯ চনৰ ৬ডিচেম্বৰত সহকাৰী শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰি ২০২০চনত অৱসৰ গ্ৰহণ কৰে। কেইবাটাও বছৰ বৃক্ক ৰোগত ভুগি ৬১বছৰ বয়সত জীৱন নাটৰ সামৰণি পেলাই। পিতৃ যোগেন্দ্ৰনাথ বৰা আৰু মাতৃ প্ৰয়াত পুতুলী বৰাৰ জ্যেষ্ঠ পুত্ৰ মুনিন বৰা এগৰাকী সমাজ দৰদী, নিৰ্জু,সৰলপ্ৰাণ আৰু খেলা-ধূলাৰ প্ৰতি গভীৰ অনুৰাগ থকা ব্যক্তি হিচাপে সকলোৰে প্ৰিয় আছিল। বিদ্যালয় খনৰ উন্নতিৰ বাবে প্ৰতিনিয়ত চেষ্টা কৰিছিল।ধৰ্মানুৰাগী সৰবৰহী লোকজনে মৃত্যুৰ সময়ত শিক্ষয়িত্ৰী পত্নী,দুজনকৈ পুত্ৰ সন্তানৰ লগতে পিতৃ দুগৰাকী ভাতৃকে ধৰি অনেকজনক ইহ সংসাৰত এৰি থৈ গৈছে। তেওঁৰ গুণমুগ্ধসকলে শান্তিপুৰ আৰু টেনপুৰ ৰাজহুৱা শ্মশানত নশ্বৰ দেহ সৎকাৰ কৰা হয়।

মুনিন বৰাৰ মৃত্যুত ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, শান্তিপুৰ ৰাজহুৱা নামঘৰ পৰিচালনা সমিতি, গোলাঘাট জিলা কৰ্মচাৰী পৰিষদ,গণকণ্ঠ সাহিত্য গোষ্ঠী,পদুমী ফুকন স্মৃতি ন্যাস  , ছাত্ৰ একতা সভা ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়, গোলাঘাট শিশু ভৱন, নতুন সাহিত্য পৰিষদ, গোলাঘাট,সমলয় ষ্টুডিঅ', গোলাঘাট, প্ৰাক্তন ছাত্ৰ সমাৰোহ-ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়,মেম'থ য়ুথ এণ্ড ইক' ক্লাব-ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়, মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থা-গোলাঘাট জিলা সমিতি, গোলাঘাট জিলা মাধ্যমিক শিক্ষা পৰিষদ,সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

No comments