Breaking News


 

লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা

উৎপল দাস


আধুনিক গীতৰ পূৰ্বৰ ধাৰাটো বৰ্তমান সলনি হ’ল৷ পূৰ্বৰ অসমীয়া গীতসমূহত ৰোমাণ্টিকতা আছিল যদিও সাম্প্ৰতিক সময়ৰ একাংশ অসমীয়া গীতৰ দৰে নাছিল৷ পুৰণি গীতৰ কথা অংশত ৰোমাঞ্চৰ মাদকতা থাকিলেও সেই ৰোমাঞ্চত আছিল গাম্ভীৰ্যতা৷ কিন্তু বৰ্তমান সময়ৰ সস্তীয়া জনপ্ৰিয়তাৰ লালসাত কিছু কিছু (সামান্য সংখ্যক) গীতৰ অংশত ৰোমাঞ্চৰ নামত অশ্লীলতাৰ ভাৱধাৰা পৰিস্ফূৰ্ত৷


‘পকা ধানৰ মাজে মাজে

সৰু সৰু আলি ঐ

সৰু আলি

আলিত পৰি গীত জুৰে

জাক বালিমাহী

সৰু সৰু সৰু আলি ঐ

সৰু সৰু আলি.........৷’

–লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা৷

যাৰ সৃষ্টিৰে আজিও সাৰুৱা অসমীৰ মাটি৷ পকা ধাননি পথাৰৰ সৰু সৰু আলিয়ে বিশ্বৰ সভালৈ ওলাই আহি জীৱন সুৰভি বিলাই নানান ফুলেৰে আই অসমীক ন সাজেৰে উদ্ভাষিত কৰা চিৰসেউজ, আধুনিক অসমীয়া সংগীত জগতৰ এক উল্লেখনীয় নাম ৰুদ্ৰ বৰুৱা৷ সাহিত্যৰ গুণৰাশিৰে সমৃদ্ধ নহ’লে গীতসমূহে শ্ৰোতাৰ হৃদয় জিনিব নোৱাৰে৷ কিন্তু প্ৰতিভাসম্পন্ন গীতিকাৰে গীতবোৰ এনেদৰে সজাব পাৰে যে, সেই গীতৰ কথাৰ অংশই শ্ৰোতাক লৈ যাব পাৰে আনন্দৰ সুবিশাল গভীৰতালৈ৷ তেনে এগৰাকী অমায়িক, কষ্ট সহিষ্ণু শিল্পী, কলা সংগঠক তথা জনপ্ৰিয় গায়ক আছিল ৰুদ্ৰ বৰুৱা৷ সৰুতেই পিতৃ বৰদা বৰুৱাক হেৰুৱাই আৰু অসহায় অৱস্থাত নানান বিপৰ্যয়ৰ মাজেৰে নগাঁৱত স্কুলীয়া আৰু কলেজীয়া জীৱন পাৰ কৰি শ্বিলঙত চৰকাৰী কামত সোমাইগৈ৷ সমবায় বিভাগত শিক্ষা বিষয়া, প্ৰচাৰ বিভাগৰ উপ-সঞ্চালক আৰু পাছত সুকীয়াকৈ খোলা সাংস্কৃতিক বিভাগত ক্ৰমে উপ-সঞ্চালক আৰু সঞ্চালকৰ পদ আৰু পিছলৈ অসমৰ সাংস্কৃতিক জগতলৈ বিভিন্ন প্ৰকাৰে অবিস্মৰণীয় বৰঙণি আগবঢ়াই গ’ল৷ অসমৰ লোকগীতৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈ তেওঁ বিশেষকৈ বনগীতৰ মাজেৰে ৰাজ্যজুৰি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল৷  

অসমীয়া চলচ্ছিত্ৰ আৰু অসমৰ সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ‘লুইত কোঁৱৰ’ উপাধিৰে বিভূষিত আছিল৷ ‘কলংপৰীয়া গীতিকাৰ’ তেখেতৰ অন্য এক জনপ্ৰিয় উপাধি৷ ১৯২৬ চনৰ ২৬ নৱেম্বৰত নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ ভীমৰ গাঁৱত জন্মগ্ৰহণ কৰা বৰুৱা একাধাৰে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ বৰুৱা সৰু কালতেই অসমীয়া কলা-সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত ইয়াৰ পৰিধি বিয়পি পৰিছিল৷ বৰুৱাই তেওঁৰ গাঁৱৰ নাতিদূৰৈত থকা লেটুগ্ৰাম সত্ৰত গীত-মাতৰ আদিপাঠ চৰ্চা কৰিছিল বুলি জনা যায়৷ প্ৰথমাৱস্থাত গাঁৱৰ পৰা নগাঁও চহৰলৈ ওলাই আহি সংগীত চৰ্চাত মনোনিৱেশ কৰে৷ ইয়াৰ পিছতে উচ্চশিক্ষা, জীৱিকা আৰু অসমৰ গীত-মাতক সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয়তা কৰাৰ মহান আদৰ্শ আগত ৰাখি এদিন নগাঁৱৰ পৰা শ্বিলঙলৈ ঢাপলি মেলে৷ শ্বিলঙত ৰুদ্ৰ বৰুৱাৰ প্ৰতিভাৰ বিকাশ ঘটে৷ শ্বিলঙৰ অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত হোৱা তেওঁৰ গীতে সমগ্ৰ অসমতে জনপ্ৰিয়তা অৰ্জন কৰে৷ বৰুৱাৰ গীতসমূহ বিশেষকৈ বনগীত সুৰীয়া গীতৰ মাধূৰ্যৰে সিক্ত৷ তেওঁৰ গীতত পুৰণি অসমীয়া বিহুগীত, বনগীত, আইনাম, বিয়ানাম, বৰগীত, থলুৱা গীত আদিৰ স্বতঃস্ফূৰ্ত প্ৰভাৱ থকা দেখিবলৈ পোৱা যায়৷ ইফালে অনন্য কথা আৰু সুৰেৰে সমৃদ্ধ ৰুদ্ৰ বৰুৱাৰ গীতত গ্ৰাম্য জীৱনৰ বৰ্ণময় চৰিত্ৰৰ নিভাঁজ ছবি সুন্দৰভাৱে প্ৰতিফলিত হয়৷ তেওঁৰ গীতত গঞা ৰূপ-ৰসৰ গোন্ধ ছন্দে ছন্দে বিদ্যমান৷

প্ৰতিভা সন্ধানী ৰুদ্ৰ বৰুৱাই  প্ৰথম অৱস্থাত দিপালী বৰঠাকুৰৰ কণ্ঠস্বৰৰ ভৱিষ্যত উপলব্ধি কৰিছিল৷ তেওঁ বুজি উঠিছিল যে এই কণ্ঠ (দিপালী বৰঠাকুৰ)ই এদিন অসম জিনিব৷ তাৰ পিছতেই সৃষ্টি হ’ল এটি বিখ্যাত গীতৰ, যিটো গীত আজিও অসমে গাইয়ে আছে৷ ‘জোন ধনে জোনালিতে....’ এই শীৰ্ষক গীতটিয়েই যে কেৱল জনপ্ৰিয়তা অৰ্জন কৰিছিল সেয়া নহয়৷ গীতটোৰ জৰিয়তে আত্মপ্ৰকাশ ঘটিছিল অসমৰ সংগীত জগতৰ সৰ্বকালক চিৰসেইজ কণ্ঠশিল্পী তথা কণ্ঠ সংগীতৰ একচত্ৰী সাম্ৰাজ্ঞী দিপালী বৰঠাকুৰৰ৷ গীতটিৰ ৰচনা মুক্তিনাথ শৰ্মা বৰদলৈৰ যদিও কেৱল ৰুদ্ৰ বৰুৱাৰ প্ৰচেষ্টাতে সেই বিখ্যাত গীতটিত কণ্ঠদান কৰা অচিনাকী ছোৱালীজনী পিছলৈ দিপালী বৰঠাকুৰ নামেৰে পৰিচিত হ’ল৷

অসমীয়া আধুনিক গীতৰ জগতখনত কেশৱ মহন্ত, ড॰ নিৰ্মলপ্ৰভা বৰদলৈ, ড॰ ভূপেন হাজৰিকা,  হীৰেণ ভট্টাচাৰ্য আদি শিল্পীসকলৰ অৱদান অপৰিসীম৷ কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা, মুক্তিনাথ বৰদলৈ, পুৰুষোত্তম দাস, ৰুদ্ৰ বৰুৱা, লক্ষ্য হীৰা দাস আদি এইসকল পূৰ্বসৰীৰ অৱদানৰ কথাও আমি মনত ৰাখিব লাগিব৷ এইসকলৰ গীতৰ লগতে শব্দৰ সুষমাই আজিও অসমীয়া সংগীত জগতখনক উদ্ভাষিত কৰি ৰাখিছে৷ ৰুদ্ৰ বৰুৱাৰ ‘চিকমিক ডালিমগুটি জিকিমিকি কৰে’, ‘অ’ তুলতুল অ’ বুলবুল’, ‘হয়েৰা জেতুকী বাই, ‘অ’ মইনা চেনাই তোৰ’, ‘অসমৰ বুকুৰে ঐ’ ‘আমি অসমৰে জীয়ৰী অ’, ‘তাঁতৰ দোৰে পতি’ আদি গীতসমূহ থলুৱা জীৱনৰ ছন্দ প্ৰবাহিত হৈ আছে৷ সেয়েহে আজিও এইসমূহ গীতে শ্ৰোতাৰ মনত আলোড়িত কৰি আহিছে৷ অসমৰ ধ্ৰুপদী সংগীত আৰু লোক নৃত্য গীততো বৰুৱাৰ যথেষ্ট পাৰদৰ্শিতা আছিল৷ তদুপৰি কেইবাখনো চলচ্ছিত্ৰৰ অভিনেতা হিচাপেও বৰুৱাৰ দক্ষতা উল্লেখযোগ্য৷ অসমৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বৰুৱা সত্ৰীয়া গীত-নৃত্যাদি ভাৰত আৰু ইণ্ডোনেছিয়াত প্ৰচাৰ কৰা, চৰকাৰী ভিত্তিত নাট প্ৰতিযোগিতা, বাৰেচহৰীয়া ভাওনা আদিত একনিষ্ঠভাৱে জড়িত আছিল৷

আধুনিক গীতৰ পূৰ্বৰ ধাৰাটো বৰ্তমান সলনি হ’ল৷ পূৰ্বৰ অসমীয়া গীতসমূহত ৰোমাণ্টিকতা আছিল যদিও সাম্প্ৰতিক সময়ৰ একাংশ অসমীয়া গীতৰ দৰে নাছিল৷ পুৰণি গীতৰ কথা অংশত ৰোমাঞ্চৰ মাদকতা থাকিলেও সেই ৰোমাঞ্চত আছিল গাম্ভীৰ্যতা৷ কিন্তু বৰ্তমান সময়ৰ সস্তীয়া জনপ্ৰিয়তাৰ লালসাত কিছু কিছু (সামান্য সংখ্যক) গীতৰ অংশত ৰোমাঞ্চৰ নামত অশ্লীলতাৰ ভাৱধাৰা পৰিস্ফূৰ্ত৷ সময়ৰ লগে লগে সকলো বস্তুৰেই পৰিৱৰ্তন হোৱাতো গতানুগতিক কথা৷ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক বা ইয়াৰ প্ৰয়োজন একেবাৰে নোহোৱা নহয়৷ গীত এটাৰ ক্ষেত্ৰত যদি আমি ভালদৰে বিশ্লেষণ কৰি চাওঁ শ্ৰোতাৰ ৰুচি অনুসৰিয়েই গীতৰ সৃষ্টি হয়৷ কিন্তু অতি আধুনিকতাৰ বশৱৰ্তী হৈ পুৰণি গীতসমূহকো আমি উলাই কৰিলে নহ’ব৷ এটা গীত চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে কেৱল সুন্দৰ কণ্ঠই যথেষ্ট নহয়৷ কণ্ঠৰ সমান্তৰালভাৱে গীতটিৰ কথা আৰু সুৰৰ সৰ্বাংগসুন্দৰ সংমিশ্ৰণৰ জৰিয়তেহে এটি গীতে শ্ৰোতাৰ হৃদয় বশ কৰিব পাৰে বা গীতটিৰ মাদকতা চিৰন্তন আৰু  চিৰপ্ৰবাহিত হৈ থাকে৷ এইক্ষেত্ৰত ৰুদ্ৰ বৰুৱাই এগৰাকী গীতিকাৰ হিচাপে নিজৰ স্বকীয়তা আৰু মাদকতা বৰ্তাই ৰাখিছিল৷ তেওঁৰ গীতত শব্দ আৰু সুৰৰ অপূৰ্ব সংমিশ্ৰণৰ সমাহাৰৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ পটভূমি সুন্দৰভাৱে দাঙি ধৰিছিল৷ যাৰ বাবে তেওঁৰ গীতসমূহে অসমীয়া সংগীত জগতত এক সুকীয়া স্থান দখল কৰি অহাৰ লগতে অনন্য মাত্ৰা বহন কৰি আহিছে৷ 

১৯৮০ চনৰ ১৪ ফেব্ৰুৱাৰীত জীৱন নাটৰ সামৰিণ মৰা বৰুৱাই তেওঁৰ চমু জীৱন পৰিক্ৰমাতে অসমীয়া সংগীত জগতখনৰ লগতে সমাজ জীৱনলৈ যিখিনি অৱদান আগবঢ়াই থৈ গ’ল সেয়া সঁচাই অনৱদ্য৷বৰ্তমান সময়ত শিল্পীগৰাকীৰ গীতসমূহৰ উপযুক্ত সংৰক্ষণৰ অতি আৱশ্যক৷ সেয়েহে তেওঁৰ এই মহান সৃষ্টিৰাজীক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবঢ়াই নিয়াৰ দায়িত্ব আমি সকলোৱে বহন কৰাৰ প্ৰয়োজন৷

                 *

No comments