Breaking News

উৰীয়ামঘাটত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী আৰু ক্রেতা-বিক্রেতাৰ সন্মিলন সম্পন্ন




ডিজিটেল সংবাদ,গোলাঘাটঃ সৰুপথাৰ সমষ্টিৰ অধীনৰ উৰীয়ামঘাটৰ লক্ষীপুৰ ৰাজহুৱা ভৱনত ভাৰত চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প উন্নয়ন আয়ুক্ত আৰু ধনশিৰী ক্লাষ্টাৰ এপ্ৰ'চ প্ৰজেক্টৰ সহযোগত গোলাঘাট হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ উদ্যোগত যোৱা ২২ আৰু ২৩ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী আৰু বিক্ৰীমেলাৰ লগতে এখনি ক্রেতা-বিক্রেতাৰ সন্মিলন অনুষ্ঠিত হয় । কাৰ্যসূচীৰ প্ৰথমদিনা বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে । দ্বিতীয় দিনা দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা ক্রেতা-বিক্রেতাৰ সন্মিলনত গোলাঘাট হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ফকৰুদ্দিন আহমেদে আদৰণি ভাষণ দিয়ে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে কয় যে তাঁত শিল্পৰ জৰিয়তে অসমৰ বিভিন্ন জনগোষ্ঠীয় শিপিনীসকলে স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰিবলৈ সক্ষম হৈছে । লগতে ব্যৱসায় ভিত্তিত কাম কৰিবলৈ মহিলাসকল ওলাই আহিছে । এয়া অতি ভাল লক্ষণ বুলি তেওঁ মত প্ৰকাশ কৰে । কিৰণ বৰুৱাৰ পৰিচালনাত অনুষ্ঠিত সভাত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ডঃ সৎবিন্দৰ কৌৰ আৰু ডঃ ৰিণীৰাণি বৰুৱা উপস্থিত থাকে । অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, সৰুপথাৰৰ অধীক্ষক আনন্দ শৰ্মা, সমাজ সেৱক গুণীৰাম বড়ো, ৰংবং টেক্সটাইল, বোকাখাতৰ মৌচুমী হাজৰিকা আৰু সৰুপথাৰ মেজাঙ্কৰীৰ জয়শ্ৰী ভঁৰালীৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা ক্রেতা-বিক্রেতাসকল উপস্থিত আছিল।

No comments