Breaking News

বিশিষ্ট কবি সনন্ত তাঁতীৰ দেহাৱসান




ডিজিটেল সংবাদঃ ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ স্ৰষ্টা, বিশিষ্ট কবি সনন্ত তাঁতী আৰু নাই। বৃহস্পতিবাৰে নিশা ১:০৫ বজাত নতুন দিল্লীত ৬৯ বছৰ বয়সত দেহাৱসান ঘটে কবিগৰাকীৰ। ১৯৫২ চনত কৰিমগঞ্জৰ কালীনগৰ চাহ বাগানত এটা ওড়িয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সনন্ত তাঁতীয়ে । ২০১৮ চনত কবিগৰাকীয়ে ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ শীৰ্ষক কাব্য সংকলন খনিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ ৰোগৰ সৈতে যুঁজি যুঁজি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে বিশিষ্ট কবি সনন্ত তাঁতীয়ে ।  

২০১৭ চনত অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত কবি,সমালোচক গৰাকীয়ে কথাশিল্পৰ জড়িয়তে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

No comments